যোৰহাট

বৰহোলা জাতীয় বিদ্যালয়ত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙালী বিহু উদ্‌যাপন

Asomiya Pratidin

ডিজিটেল সংবাদ,তিতাবৰঃ তিতাবৰ মহকুমাৰ বৰহোলা জাতীয় বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক অসমীয়া বাপতি সাহোন ৰঙালী বিহুৰ কৃষ্টি-সংস্কৃতি পৰিচয় কৰোৱাৰ উদ্দেশ্যে এক আদৰণীয় পদক্ষেপ গ্ৰহণ কৰে।‌ বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱকৰ ঐকান্তিক প্ৰচেষ্টাত বিদ্যালয়খনতে বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন কৰা হয়।

উক্ত অনুষ্ঠানত জ্যেষ্ঠজনক সেৱা, নবাগতক আদৰণি, কৃতি ছাত্ৰী-ছাত্ৰীক অভিনন্দন আদি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলে বিহু নাচ, আকৰ্ষণীয় ঢোল বাদন, বিহুৰ সম্পৰ্কে ভাষণ প্ৰদান কৰি উপস্থিত ৰাইজক আপ্লুত কৰে।

অনুষ্ঠানত অৱসৰপ্ৰাপ্ত অধ্যক্ষ ক্ৰমে যোগেন শইকীয়া, মহেন্দ্ৰ নাথ হাজৰিকাই, সেউজী কানন শাখা সাহিত্য সভাৰ সভানেত্ৰী ৰূপা নেওগ হাজৰিকা, বৰহোলা সাংবাদিক সন্থাৰ সম্পাদক অজয় শইকীয়া আদি সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰে। অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাত সহায় সহযোগিতা আগবঢ়োৱা সকলোলৈ বিদ্যালয়খনৰ সঞ্চালক, সাংস্কৃতিক কৰ্মী গোবিন মহন্তই কৃতজ্ঞতা জনায়।