যোৰহাট

তিতাবৰত আৰক্ষীৰ বাহনে মহটিয়ালে যাত্ৰীবাহী টেম্পুক...

Asomiya Pratidin

ডিজিটেল সংবাদ, তিতাবৰঃ তিতাবৰত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। এখন তীব্র বেগী মহিন্দ্ৰা থাৰ বাহনে মহটিয়াই নিয়ে যাত্ৰীবাহী টেম্পুক। তিতাবৰৰ ন-আলি তিনিআলিত সংঘটিত হৈছে এই ঘটনা।

জানিব পৰা মতে দুৰ্ঘটনা সংঘটিত কৰা মহিন্দ্ৰা থাৰ বাহনখন অসম আৰক্ষীৰ৷ সুৰামত্ত হৈ বাহনখন চলোৱা চালকজন দুৰ্ঘটনাটো সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে৷ এই দুৰ্ঘটনাটোত পুলিচৰ গাড়ীখনত থকা দুজনকে ধৰি মুঠ ৫জন লোক আহত হয় ৷

তৃতীয় অসম আৰক্ষী বাহিনীৰ এএছ৩০-৮১৩০ নম্বৰৰ বাহনখনে তীব্ৰ বেগত আহি প্ৰচণ্ড জোৰে এএছ০৩এচি২৫২৬ নম্বৰৰ টেম্পুখনক খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয় ৷ ঘটনাস্থলীত তিতাবৰ আৰক্ষী উপস্থিত হৈছে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে আহতসকলক তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷