চুবুৰীয়া নাগালেণ্ডৰ চাংকিত অসমৰ দুই শিক্ষাৰ্থীৰ কৰুণ মৃত্যু।
এক পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হয় শিক্ষাৰ্থী দুগৰাকীৰ।
স্কুটিসহ প্ৰায় ২০০ ফুট দ' খাৱৈত পৰি মৃত্যু শিক্ষাৰ্থী দুগৰাকীৰ।
ছাত্ৰ দুজন ক্ৰমে আকাশ গোৱালা আৰু দ্বীপজ্যোতি গগৈ।
আন তিনি সতীৰ্থৰ সৈতে দুয়ো গৈছিল চাংকিলৈ।
টীয় চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ শিক্ষাৰ্থী আছিল আটাইকেইজন।
সতীৰ্থৰ সৈতে চাংকিৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ গৈছিল তেওঁলোক।
দুৰ্ঘটনা সংঘটিত হোৱা স্কুটিখনৰ নম্বৰ এ এছ ০৪ এ বি ৯৯৭৪ ।
ইতিমধ্যে নাগালেণ্ড আৰক্ষীয়ে টীয়ক আৰক্ষীৰ সৈতে যোগাযোগ কৰিছে।
আজি দুপৰীয়াৰ ভিতৰত দুয়ো ছাত্ৰৰ মৃতদেহ স্বগৃহলৈ অনাৰ কথা।
আকাশ গোৱালা নামৰ শিক্ষাৰ্থীজনৰ ঘৰ শিৱসাগৰ জিলাৰ জাঁজিৰ গড়মূৰ বামুনগাঁৱত।
দ্বীপজ্যোতি গগৈৰ ঘৰ টীয়কৰ তামুলীচুকিয়াত।
ঘটনাক কেন্দ্ৰ কৰি টীয়কৰ লগতে তেওঁলোকে অধ্যয়নৰত মহাবিদ্যালয়খনতো শোকাকুল পৰিবেশ।