যোৰহাট

তিতাবৰত চাঞ্চল্যকৰ ঘটনা : পিতৃ-মাতৃৰ প্ৰহাৰত প্ৰাণ গ'ল পুত্ৰৰ !

Asomiya Pratidin

ডিজিটেল সংবাদ,বেকাজান : এক নৃশংস হত্যাকাণ্ডই জোকাৰি গৈছে তিতাবৰক। জানিব পৰা মতে জন্মদাতা পিতৃ মাতৃয়ে মাজু পুত্ৰৰ সহযোগত জ্যেষ্ঠ পুত্ৰক হত্যা কৰাই ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।

পোহৰলৈ অহা খবৰ অনুসৰি তিতাবৰ মহিমাবাৰীত যোগেন শইকীয়া নামৰ লোকজনে পত্নী মণি শইকীয়াৰ সহযোগত বৰপুত্ৰ অনিল শইকীয়াক চলোৱা নিৰ্মম অত্যাচাৰৰ ফলত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মৃত্যুৰ হয়। পৰিয়াল কেন্দ্ৰিক বিবাদৰ বাবেই শুক্ৰবাৰে নিশা নিজ ঘৰৰ চোতালত পুত্ৰক প্ৰহাৰ কৰিছিল পিতৃ - মাতৃয়ে।

উক্ত দিনা পিতৃ-মাতৃয়ে মাজু পুত্ৰৰ সহযোগত বৰপুত্ৰ তথা ভুক্তভোগী অনিল শইকীয়াক অতি নিৰ্মমভাৱে গৰু এৰাল দিয়া হাতুৰিৰে মূৰত প্ৰচণ্ড প্ৰহাৰ কৰিছিল ৷ এই খবৰ লাভ কৰি তিতাবৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মূমূৰ্ষূ অৱস্থাত অনিল শইকীয়াক উদ্ধাৰ কৰি যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰিছিল। কিন্তু চিকিৎসাধীন অৱস্থাত নিশা অনিল শইকীয়াৰ মৃত্যু হয়।

ইফালে মূৰত গুৰুতৰভাৱে প্ৰহাৰ কৰা পিতৃ-মাতৃ তথা মাজু পুত্ৰই পলায়ন কৰে যদিও পিতৃ যোগেন শইকীয়াক তিতাবৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। আনহাতে মাতৃ আৰু মনজিত শইকীয়া এতিয়াও পলাতক হৈ আছে।

তিতাবৰ আৰক্ষীয়ে অভিযুক্তক বিচাৰি অভিযান অব্যাহত ৰাখিছে ৷ এই নৃশংস হত্যাকাণ্ডই সমগ্ৰ তিতাবৰতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।