যোৰহাট

ছাব-জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতা : ছেমি ফাইনেলত আয়োজক অসম

Asomiya Pratidin

ডিজিটেল সংবাদ,যোৰহাট : দেওবাৰে ধাৰাবাহিক জয়ৰ লক্ষ্যৰে লীগৰ অন্তিমখন খেলত অৱতীৰ্ণ হৈ আৰম্ভণিতে বিপক্ষৰ পৰা কিছু হেঁচা পাইছিল আয়োজন অসমে। কিন্তু সেই হেঁচা সহজে চম্ভালি লৈ লাক্ষাদ্বীপক ক্ৰমাগতভাৱে খেলৰ প্ৰথমাৰ্ধত তিনিটা আৰু দ্বিতীয়াৰ্ধত চাৰিটাকৈ গ’ল দি আয়োজক অসমে লাক্ষাদ্বীপৰ ৰণকৌশল তচনচ কৰি ৭-০ গ’লৰ ব্যৱধানেৰে দুৰ্দান্ত বিজয় সাব্যস্ত কৰে।

এই জয়ৰে ছাব-জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ ছেমিত প্ৰৱেশ কৰিছে অসম দলটো। ইতিমধ্যে অসমে লীগৰ চাৰিখন খেলৰ প্ৰথমখনত মধ্যপ্ৰদেশক ৬-১ গ’লত, দ্বিতীয়খনত তামিলনাডুক ৩-২ গ'লত পৰাস্ত কৰিছিল।

একেদৰে তৃতীয়খনত তেলেংগানাক ৪-০ গ'লত আৰু আজি চতুৰ্থখনত লাক্ষাদ্বীপক ৭-০ গ’লৰ বৃহৎ ব্যৱধানত পৰাজিত কৰি লীগত ১২ পইণ্টেৰে শীৰ্ষস্থান দখল কৰে অসমে। যোৰহাট জিলা ক্রীড়া সন্থাৰ আতিথ্যত যোৰহাট ষ্টেডিয়াম আৰু মৰিয়নী বাপুজী ষ্টেডিয়ামত চলি থকা ১৫ বছৰ অনূৰ্ধ্ব ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপ ছাব-জুনিয়ৰ বয়জ (টায়াৰ-২) প্রতিযোগিতাখনৰ আজি যোৰহাট ষ্টেডিয়ামত গ্ৰুপ ‘এ’ৰ এখন আৰু গ্ৰুপ ‘চি’ৰ এখন খেলৰ উপৰিও মৰিয়নীতো গ্ৰুপ ‘এ’ৰ এখন আৰু গ্ৰুপ ‘চি’ৰ এখন খেল অনুষ্ঠিত হয়।

দেওবাৰে যোৰহাটত অনুষ্ঠিত প্ৰথমখন খেলত অসম ৰাজ্যিক ফুটবল দলে লাক্ষাদ্বীপ ৰাজ্যিক ফুটবল দলক ৭-০ গ’লৰ ব্যৱধানত পৰাজিত কৰি লীগৰ চাৰিখন খেলৰ আটাইকেইখনতে জয়ী হৈ আজি চতুৰ্থটো জয়ৰ সোৱাদ লাভ কৰে। লগতে গ্ৰুপ ‘এ’ত মুঠ ১২ পইণ্ট অৰ্জনেৰে অপৰাজেয় হৈ ছেমিত প্ৰৱেশ কৰিছে আয়োজক অসমে।

আজিৰ খেলখনত অসম দলৰ হৈ খেলৰ ৪৮ আৰু ৬২ মিনিটত দুটা গ’ল দিয়ে তন্ময় বৰুৱাই, প্ৰথমাৰ্ধৰ অতিৰিক্ত ১ মিনিট আৰু খেলৰ ৮০ মিনিটত দুটা গ’ল দিয়ে চাহিৰ কুজুৰে। প্ৰথমাৰ্ধৰ অতিৰিক্ত ৪ মিনিটত এটা গ’ল দিয়ে অৰূপ কৰৰ্মকাৰে আৰু দলটোৰ অতিৰিক্ত খেলুৱৈ দ্বীপ থাওচে এটা গ’ল দিয়ে খেলৰ ৭০ মিনিটত।

ভাগ্যই লগ দিয়া অসমক আজি খেলৰ ৪০ মিনিটত লাক্ষাদ্বীপ দলৰ মহম্মদ হুছেইনৰ ভৰিত লাগি এটা আত্মঘাটি গ’ল হোৱাত অসমে আৰু এটা গ’ল লাভ কৰিবলৈ সক্ষম হোৱাত গ’লৰ সংখ্যা ৭-০ ব্যৱধানলৈ বৃদ্ধি হয়। যোৰহাটত আজি বিয়লি অনুষ্ঠিত আনখন খেলত জম্মু-কাশ্মীৰ ৰাজ্যিক ফুটবল দলে পণ্ডিচেৰী ৰাজ্যিক ফুটবল দলক জম্মু দলৰ মুবাশিৰ মুকবুলডাৰে দিয়া ৭ গ’লৰ সহায়ত দলটোক ৮-১ গ’লৰ ব্যৱধানত পৰাজিত কৰে।

ইয়াৰ উপৰি জম্মু-কাশ্মীৰ দলে লীগৰ দ্বিতীয়টো জয়ৰ মুখ দেখাৰ বিপৰীতে পণ্ডিচেৰীয়ে এখনতো জয়ী হ’বলৈ সক্ষম নহ’ল। ইফালে আজি মৰিয়নি বাপুজী ষ্টেডিয়ামত পুৱাৰ ভাগত অনুষ্ঠিত গ্ৰুপ ‘এ’ৰ এখন খেলত তামিলনাডু ৰাজ্যিক ফুটবল দলে তেলেংগানা ৰাজ্যিক ফুটবল দলক তামিলনাডু দলৰ এম এচ অলউইন যোছেফৰ হেটট্ৰিকৰ সহায়ত ৪-০ গ’লৰ ব্যৱধানত পৰাজিত কৰি তামিলনাডুৱে লীগৰ তৃতীয়টো জয়লাভ কৰিবলৈ সক্ষম হয়।

আনহাতে মৰিয়নীত বিয়লি ৰাজস্থান ৰাজ্যিক ফুটবল দল আৰু উত্তৰাখাণ্ড ৰাজ্যিক ফুটবল দলৰ মাজত অনুষ্ঠিত আনখন খেল ৩-৩ গ’লত ড্ৰ হয় আৰু দুই দলৰ মাজত লীগৰ পইণ্ট সমানে ভাগ হয়। উল্লেখযোগ্য যে অহা ১৮ ছেপ্টেম্বৰত প্ৰতিযোগিতাখনৰ ছেমি ফাইনেল খেল দুখন অনুষ্ঠিত হ’ব।

তাৰে প্ৰথমখন ছেমিত মুখামুখি হ’ব গ্ৰুপ ‘এ’ৰ চেম্পিয়ন অসমৰ বিৰুদ্ধে গ্ৰুপ ‘চি’ৰ চেম্পিয়ন ৰাজস্থানে। গ্ৰুপ ‘ডি’ৰ পৰা ইতিমধ্যে হিমাচল প্ৰদেশে ছেমিত প্ৰৱেশ কৰি থকাৰ বিপৰীতে গ্ৰুপ ‘বি’ৰ দুখন খেল বাকী আছে খেলিবলৈ যদিও ‘বি’ৰ পৰা হাৰিয়ানাই ছেমি খেলাৰ সম্ভাৱনাই অধিক।