যোৰহাট

২লাখ ভোটত জয়ী হ'ব তপন কুমাৰ গগৈ!

Asomiya Pratidin

ডিজিটেল সংবাদ, তিতাবৰঃ ৰাজ্যত ক্রমাৎ তীব্ৰতৰ হৈ উঠিছে লোকসভা নির্বাচনৰ প্ৰচাৰ অভিযান। কোনো ত্রুটি নৰখাকৈ অভিযান চলাইছে যোৰহাট লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে। মঙলবাৰে তিতাবৰ সমষ্টিত বিজেপি প্রার্থী তপন কুমাৰ গগৈয়ে জোৰদাৰ প্ৰচাৰ অভিযান চলায়।

তিতাবৰ সমষ্টিৰ ১০খনকৈ সভাত ভাগ লৈ নির্বাচনী প্ৰচাৰ চলায় প্ৰাৰ্থীগৰাকীয়ে। পুৱা ৰঙাজানৰ চেঁচা সত্ৰ তিনিআলিত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ পাছতে লাইট ন- চুঙিৰ নিৰ্বাচনী সভা আৰু যোগদান সভাত অংশগ্ৰহণ কৰি বিজেপিক ভোট দিবলৈ আহ্বান জনায় তপন কুমাৰ গগৈয়ে।

অন্যহাতে যোৰহাট লোকসভা সমষ্টিত দুই লাখ ভোটৰ ব্যৱধানত জয়ী হ'ম বুলি মন্তব্য কৰে প্ৰাৰ্থীগৰাকীয়ে। দিনজোৰা কাৰ্যসুচীৰে অত্যন্ত ব্যস্ততাৰে নির্বাচনী প্ৰচাৰ অভিযানত নামি পৰিছে যোৰহাট সমষ্টিৰ প্ৰাৰ্থীগৰাকী।