তিতাবৰত জাপানীজ এনকেফেলাইটিছত কিশোৰীৰ মৃত্যু... 
যোৰহাট

তিতাবৰত জাপানীজ এনকেফেলাইটিছত কিশোৰীৰ মৃত্যু...

Asomiya Pratidin

ডিজিটেল সংবাদ বেকাজানঃ তিতাবৰৰ লেটেকুজান চাহ বাগিচাৰ চমলপুৰীয়া লাইনৰ সোণালী গোৱালা নামৰ এগৰাকী ১৭ বছৰীয়া কিশোৰী আজি জাপানীজ এনকেফেলাইটিছত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয়। জানিব পৰামতে সোণালী গোৱালাক যোৱা ১৩ জুলাইত কিছু দিন তীব্ৰ জ্বৰ ভূগি থকা বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও আজি তেওঁৰ মৃত্যু হয়।

ইফালে কিশোৰীগৰাকীৰ মৃত্যুৰ পাছতে বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভত জাঙুৰ খাই উঠিছে সদৌ অসম আদিবাসী মহিলা সন্থাৰ লগতে স্থানীয় লোক। কিয়নো বাগিচা কৰ্তৃপক্ষই শ্ৰমিকসকলে বসবাস কৰা আবাসিক এলেকাৰ নলা নৰ্দমা আদি চাফ চিকুণ নকৰাৰ ফলতে এনেদৰে জাপানীজ এনকেফেলাইটিছৰ দৰে মৰাত্মক ৰোগ বিয়পি পৰাৰ অভিযোগত ক্ষোভ উজাৰিছে ৰাইজে।

ইপিনে তিতাবৰ মেলেৰিয়া বিভাগে ৰাইজৰ মাজত সজাগতা আৰু প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে। শীঘ্ৰেই বাগিচা কৰ্তৃপক্ষক নলা- নৰ্দমাসমূহ চাফা কৰাৰ লগতে মেলেৰিয়া বিভাগক সজাগতা আৰু ফগিংৰ ব্যৱস্থা কৰিবলৈ আদিবাসী মহিলা সন্থাই দাবী জনাইছে।