গোবিন্দপুৰ চাহ বাগিছাত যুৱতীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি... 
যোৰহাট

গোবিন্দপুৰ চাহ বাগিছাত যুৱতীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি...

Asomiya Pratidin

ডিজিটেল সংবাদ তিতাবৰঃ মহালয়াৰ পুৱাই তিতাবৰৰ গোবিন্দপুৰ চাহ বাগিছাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। এগৰাতী যুৱতীৰ মৃত্যুক কেন্দ্ৰ কৰি সংঘটিত হয় এই উত্তপ্ত পৰিস্থিতিৰ।

জানিব পৰা মতে বাগিছাখনৰ ৩০ বছৰীয়া যুৱতী ললিতা পাইক পুৱতি নিশা পুখুৰীৰ পৰা পানী তুলিবলৈ গৈ মৃত্যু হয়। অভিযোগ অনুসৰি প্ৰথম অৱস্থাত তেওঁক গোবিন্দপুৰৰ বাগিছাখনৰ হাস্পতাললৈ লৈ যোৱা হৈছিল যদিও হাস্পতালখনত তেওঁক কোনোধৰণৰ চিকিৎসা প্ৰদান কৰিব পৰা ব্যৱস্থা নথকাত তেওঁক তিতাবৰলৈ প্ৰেৰণ কৰে। কিন্তু তিতাবৰৰ হাস্পতাল পোৱাৰ পূৰ্বেই ৰাজপথতে মৃত্যু হয়।

গোবিন্দপুৰ চাহ বাগিছাৰ যুৱতী গৰাকীয়ে অকাল মৃত্যুক সাৱটি লোৱাৰ পাছতেই বাগিছাখনৰ চিকিৎসালয়খনৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে শ্ৰমিকসকল। পুৱাৰ ভাগতে মহালয়াৰ আনন্দ-উৎসৱ পৰিহাৰ কৰি শ্ৰমিকসকলে যুৱতী গৰাকীৰ অকাল মৃত্যুৰ প্ৰতিবাদ জনাই বাগিছা কাৰ্যালয় ঘেৰাও কৰে।

অভিযোগ অনুসৰি পুখুৰীৰ পৰা উদ্ধাৰ কৰাৰ পাছতেই যুৱতীগৰাকীক বাগিছাৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও সেই সময়ত তাত নাছিল কোনো চিকিৎসক। সেই সময়ত তাত থকা ফাৰ্মাচিষ্ট আৰু ড্ৰেছাৰেও যুৱতীগৰাকীক স্বাস্থ্যৰ অৱনতিৰ বিষয়টোক গুৰুত্বহীন কৰিলে।

এনে কাৰণতে যুৱতীগৰাকীয়ে মৃত্যুক সাৱটি ল'ব লগীয়া হোৱাত স্বাভাৱিকতে উত্তেজিত হৈছে শ্ৰমিকসকল। তেওঁলোকে ন্যায় বিচাৰি বাগিছাৰ কাৰ্যালয় ঘেৰাও কৰি পৰিবেশ উত্তপ্ত কৰি তোলে।

পৰিস্থিতি বিষম দেখি বাগিছা কৰ্তৃপক্ষই কৰ্তব্যৰত ফাৰ্মাচিষ্ট আৰু ড্ৰেছাৰ দুয়োজনকে তৎকালীনভাৱে চাকৰিৰ পৰা নিলম্বন কৰে। আনহাতে বাগিছাখনত কেৱল চিকিৎসাৰ অভাৱেই নহয় শ্ৰমিকৰ বাবে চিকিৎসালয়খনত কোনো ধৰনৰ সুবিধা নথকাৰ বাবে এনে ধৰনৰ ঘটনা পূৰ্বতেও বহুবাৰ সংঘটিত হোৱাৰ উদাহৰণ আছে।