ROAD ACCIDENT  
যোৰহাট

টীয়কৰ কাকজানত পথ দুৰ্ঘটনাঃ আহত এজন

Asomiya Pratidin

ডিজিটেল সংবাদ,টীয়কঃ টীয়কৰ কাকজানত দেওবাৰে নিশা এক দুৰ্ঘটনা সংঘটিত হয়। যোৰহাটৰ দিশৰ পৰা শিৱসাগৰ দিশলৈ মটৰ চাইকেলেৰে আহি থকা অৱস্থাত নিৰ্মিয়মান দলঙত খুন্দা মাৰি আহত হয় এজন যুৱক। আহতক চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। উল্লেখ্য যে, দুৰ্ঘটনাত আহত যুৱকজন শিৱসাগৰ জিলাৰ বৰাহীৰ বুলি চিনাক্ত কৰা হৈছে।

ঘটনা সন্দৰ্ভত পোৱা তথ্য অনুসৰি চাৰিলেনযুক্ত পথ সম্প্ৰসাৰণৰ কামৰ সৈতে জড়িত নিৰ্মাণ সংস্থাৰ চৰম দায়িত্বজ্ঞানহীনতাৰ বাবে দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি একাংশই অভিযোগ কৰে। পথৰ সাংকেতিক চিহ্ন নথকাৰ বাবে উক্ত স্থানত পূৰ্বতেও দুৰ্ঘটনা হোৱাৰ তথ্য পোৱা গৈছে।