যোৰহাট

সদৌ অসম আহোম সভাৰ নৱনিৰ্বাচিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ শপত গ্ৰহণ

Asomiya Pratidin

ডিজিটেল সংবাদ, যোৰহাটঃ ছশ বছৰীয়া গৌৰৱোজ্জল আহোম ৰাজত্বৰ যোৰহাটৰ ঐতিহাসিক ৰজামৈদামত শুকুৰবাৰে সদৌ অসম আহোম সভাৰ আগন্তুক ২০২৪-২৭ বৰ্ষলৈ নৱনিৰ্বাচিত কাৰ্যনিৰ্বাহক সমিতিখনৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হৈ যায়৷ শপত গ্ৰহণ সভাৰ আৰম্ভণিতে মৈদামত টাই পৰম্পৰাৰে ম'ল্যুঙৰ দ্বাৰা মৈদাম তৰ্পণ আৰু জয়া ৰমণী চ'ৰাৰ সদস্যা সকলৰ দ্বাৰা টাই প্ৰাৰ্থনা 'আই ছিং লাও' পৰিৱেশন কৰাৰ পাছতে সদৌ অসম আহোম সভাৰ প্ৰাক্তন সভাপতি মানচাও উমাকান্ত কোঁৱৰ, নৱনিৰ্বাচিত সভাপতি শশাংক নেওগ আৰু সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক হেমকান্ত দিহিঙীয়াৰ উপস্থিতিত অনুষ্ঠিত শপত গ্ৰহণ সভাখনত শপত বাক্য পাঠ কৰোৱায় টাই আহোম সংস্কৃতি সংৰক্ষণ আৰু শিক্ষা বিকাশ সমিতি (তাইচাব)ৰ সভাপতি মানচাও অৱনি কুমাৰ চেতিয়াই।

সভাত আহোম ৰাজপৰিয়ালৰ পৰিনাতি আলোক নাৰায়ণ সিংহৰ উপস্থিতিত নৱনিৰ্বাচিত সমিতিৰ সভাপতি মানচাও শশাঙ্ক নেওগ, সাধাৰণ সম্পাদক মানচাও তপন কুমাৰ গগৈ প্ৰমুখ্যে নৱনিৰ্বাচিত সমিতিখনৰ সকলো বিষয়ববীয়াসকলক শপত গ্ৰহণ কৰোৱা সভাতেই সভাৰ প্ৰাক্তন সভাপতি উমাকান্ত কোঁৱৰে সদৌ অসম আহোম সভাৰ পতাকা নৱনিৰ্বাচিত সমিতিক হস্তান্তৰ কৰি আগন্তুক দিনলৈ শুভেচ্ছা জ্ঞাপন কৰে।

আজিৰ শপত গ্ৰহণ সভাতেই আহোম সভাৰ নৱনিৰ্বাচিত সভাপতি মানচাও শশাঙ্ক নেওগে আগন্তুক দিনত আহোম সভাখন শক্তিশালী কৰাৰ লগতে জাতিটোৰ সৰ্বাংগীন উন্নতিৰ হকে নিজে কাম কৰাৰ উপৰিও সকলোকে জাতিটোৰ বাবে নিজৰ দায়িত্ব অনুসৰি কাম কৰি যাবলৈ আহ্বান জনায়। আজিৰ শপত গ্ৰহণ অনুষ্ঠানত অসমৰ অন্যান্য জিলা সমূহৰ জিলা সভাপতি আৰু সম্পাদক সকলৰ লগতে অন্যান্য বহুকেইজন বিষয়ববীয়া সকলো উপস্থিত আছিল।