যোৰহাট

তিতাবৰৰ ৰজাবাহৰৰ ধাননী পথাৰত অচিনাকী পোকৰ তাণ্ডৱ

Asomiya Pratidin

ডিজিটেল সংবাদ, তিতাবৰ: তিতাবৰৰ ধাননী পথাৰত অচিনাকী পোকৰ তাণ্ডৱ। তিতাবৰৰ ৰজাবাহৰৰ ধাননী পথাৰত এবিধ অচিনাকী পোকে তাণ্ডৱ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে কৃষক ৰাইজে। অচিনাকী পোকবিধে বহু কৃষকৰ ধান গছ খাই তহিলং কৰিছে বুলি জানিব পৰা গৈছে।

ফলত মূৰৰ ঘাম মাটিত পেলাই কৰা খেতিদৰাৰ বাঢ়িব ধৰা ধানবোৰ পোকে খোৱাত মূৰে কপাৰে হাত দিছে কৃষক ৰাইজে। পোকৰ উপদ্ৰৱে পথাৰত বৰ্তমান ধানৰ উৎপাদন হ্ৰাস কৰি পেলাইছে। সেয়ে কৃষি বিভাগক শীঘ্ৰে বিহীত ব্যৱস্থা গ্ৰহণৰো আহ্বান জনাইছে কৃষক ৰাইজে।