যোৰহাট

তিতাবৰ সাংবাদিক একাদশৰ ১০ উইকেটত জয়লাভ

Asomiya Pratidin

ডিজিটেল সংবাদ,বেকাজানঃ তিতাবৰৰ চৈকটা মাজগাঁৱৰ প্ৰয়াত বিশ্বজিৎ বণিয়া আৰু সিদ্ধাৰ্থ হাজৰিকা সোঁৱৰণি ক্ষেত্ৰত স্থানীয় ৰেইনব' ক্ৰীড়া সন্থাই আয়োজন কৰিছে দিবা-নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা। এই প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা যোৰহাট সাংবাদিক একাদশ আৰু তিতাবৰ সাংবাদিক একাদশৰ মাজত বন্ধুত্বমূলক মেচখনত তিতাবৰ সাংবাদিক একাদশে ১০ উইকেটৰ ব্যৱধানত জয়লাভ কৰে।

টচত জয়ী হৈ তিতাবৰ সাংবাদিক একাদশে যোৰহাট সাংবাদিক একাদশক প্ৰথমে বেটিং ধৰিবলৈ আমন্ত্ৰণ জনায়। তিতাবৰ সাংবাদিক একাদশৰ নিয়ন্ত্ৰিত বলিঙৰ ফলত যোৰহাট সাংবাদিক একাদশে ৫ অ'ভাৰত ৪৬ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। যোৰহাট সাংবাদিক একাদশৰ হৈ শুভাষীস শৰ্মাই মূল্যৱান ২০ আৰু পূৰ্ণ বিকাশ বৰাই ১৩ ৰাণৰ বৰঙণি আগবঢ়ায়।

তিতাবৰ সাংবাদিক একাদশৰ হৈ চিত্তকমল বেজবৰাই ৫টা, অমৰজিৎ সিং ৰাজপুত আৰু অনুপম গগৈয়ে ১টাকৈ উইকেট লাভ কৰে। ইয়াৰ পাছতে ৪৭ ৰাণৰ বিজয় লক্ষ্যৰে বেটিং কৰিবলৈ আহি তিতাবৰ সাংবাদিক একাদশে কোনো উইকেট নেহেৰুৱাকৈয়ে মাত্ৰ ৩অ'ভাৰত বিজয় লক্ষ্যত উপনীত হয়।

দলৰ হৈ চিত্তকমল বেজবৰাই অনবদ্য ৩৮ ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ ৰয়। মেচখনত চিত্তকমল বেজবৰাই মেন অৱ দা মেচৰ সন্মান লাভ কৰে। বঁটা বিতৰণি অনুষ্ঠানত উপস্থিত হৈ যোৰহাট ক্ৰীড়া সন্থাৰ সভাপতি শান্তনু পূজাৰী আৰু ৰাষ্ট্ৰীয় বঁটা প্ৰাপক অৱসৰপ্ৰাপ্ত শিক্ষক যোগেন দত্তই অংশগ্ৰহণ কৰি দুইটা দলকে বঁটা প্ৰদান কৰে।