যোৰহাট

তিতাবৰ বোকাহোলাত পথ দুৰ্ঘটনাঃ গুৰুতৰভাৱে আহত...

Asomiya Pratidin

ডিজিটেল সংবাদ, তিতাবৰঃ নিশা তিতাবৰ বোকাহোলাত সংঘটিত হয় পথ দুৰ্ঘটনা। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় বৌদ্ধ ৰাজকুমাৰ ৰায় নামৰ এজন লোক। আহত লোকজনৰ ঘৰ ৰঙাজানত বুলি জানিব পৰা গৈছে ।

ঘটনা অনুসৰি ৰঙাজান দিশৰ পৰা স্কুটিৰে আহি থকা অৱস্থাত এটা গৰুক খুন্দা মৰা ফলত সংঘটিত হয় দুৰ্ঘটনাটো। উল্লেখ্য যে, লোকজনক সংকট জনক অৱস্থাত জি এম ছি এইছলৈ প্ৰেৰণ কৰা হৈছে।

স্থানীয় ৰাইজৰ অভিযোগ তিতাবৰৰ ৰাজপথত উদঙীয়া গৰুৰ বাবে প্ৰতি দিনে সংঘটিত হৈ আহিছে পথ দুৰ্ঘটনা। এই গৰুসমূহৰ ওপৰত পৌৰসভা অথবা তিতাবৰ প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলতে এনেদৰে দুৰ্ঘটনা সংঘটিত হৈ আহিছে বুলি দাবী কৰে। এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে ৰাইজে বাৰম্বাৰ পৌৰসভাক আহ্বান জনাই আহিছে বুলিও জানিবলৈ দিয়ে।