অস্তিত্বহীন জল জীৱন আঁচনি ! তিতাবৰৰ চাহ বাগিছাত নাই বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা... 
যোৰহাট

অস্তিত্বহীন জল জীৱন আঁচনি ! তিতাবৰৰ চাহ বাগিছাত নাই বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা...

Asomiya Pratidin

ডিজিটেল সংবাদ তিতাবৰঃ যিসময়ত ৰাজ্যৰ চাহ বাগিছাসমূহৰ শ্ৰমিক তথা বাগিছা অঞ্চলৰ লোকসকলৰ উন্নয়নৰ বাবে চৰকাৰে বিভিন্ন কাৰ্যপন্থা হাতত লোৱাৰ কথা বহুল প্ৰচাৰ কৰিছে, বাগিছা অঞ্চলৰ উন্নয়নৰ বাবে বিভিন্ন আঁচনি ঘোষণা কৰিছে সেই সময়তে তিতাবৰৰ চাহ বাগিছা অঞ্চলত বহুল প্ৰচাৰিত এখন চৰকাৰী আঁচনি বুমেৰাঙত পৰিণত হৈছে। এক প্ৰকাৰে প্ৰহসনত পৰিণত হোৱা বিজেপি চৰকাৰ এই বহুল প্ৰচাৰিত আঁচনিখন হৈছে জল জীৱন আঁচনি

কাৰণ এতিয়া এতিয়া বিশুদ্ধ খোৱাপানীত গৰল উপঙিছে তিতাবৰৰ চাহ বাগিছা অঞ্চলত। জন স্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ চূড়ান্ত ব্যৰ্থতা তথা বিভাগটোৰ দায়িত্বহীনতাৰ বাবে চাহ বাগিছা অঞ্চলটোৰ ৰাইজে এটুপি খোৱা পানীৰ বাবে ৰাজপথলৈ ওলাই আহিব প্ৰতিবাদ কৰিবলগীয়া হৈছে।

উল্লেখ্য, বিজেপি চৰকাৰৰ বহুল প্ৰচাৰিত জলজীৱন আঁচনিৰ জৰিয়তে ২০২৪ চনত প্ৰতিঘৰ মানুহক ঘৰুৱা টেপ সংযোগৰ জৰিয়তে বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছিল। এই প্ৰতিশ্ৰুতি তিতাবৰৰ চাহ বাগিছা অঞ্চলত বুমেৰাং হৈ পৰিছে।

তিতাবৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ পৰা মাত্ৰ ৫ কিলোমিটাৰ নিলগত থকা মেজেঙ্গা চাহ বাগিছাত এতিয়া এটুপি খোৱা পানীৰ বাবে মানুহৰ প্ৰাণ যায় যায় অৱস্থা। বিয়াগোম জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত বাগিছাখনত খোৱাপানী যোগান আঁচনিৰ এটা প্ৰকল্প আছে যদিও বছৰ বছৰ ধৰি প্ৰকল্পটোৰ বিভিন্ন যন্ত্ৰাংশ বিকল হৈ আছে। ফলত 'আছে গৰু নাবায় হাল' সদৃশ এক অৱস্থাৰ সৃষ্টি হৈছে।

বাগিছাখনৰ শ্ৰমিকসকলৰ মাজত খোৱাপানীৰ হাহাকাৰ পৰিৱেশ দেখি বাগিছা কৰ্তৃপক্ষই শ্ৰমিকৰ ক্ষোভ প্ৰশমিত কৰিবলৈ এটা পুখুৰীৰ জৰিয়তে পানী যোগানৰ ব্যৱস্থা কৰিছিল। কিন্তু অপৰিশোধিত আৰু অপৰিস্কাৰ পানী সেৱন কৰাৰ ফলত শ্ৰমিকসকলৰ মাজত অচিন ৰোগৰ প্ৰাৰ্দুভাৱ ঘটাৰ আশংকা কৰিছে।

স্থানীয় বিধায়ক ভাস্কৰজ্যোতি বৰুৱাক কেইবাবাৰো অনুনয়-বিনয় কৰাৰ পিছতো বিধায়কগৰাকীৰ কোনো প্ৰতিক্ৰিয়া দেখা নাপালে শ্ৰমিকসকলে। ফলশ্ৰুতিত অসম চৰকাৰ হায়-হায়, বিধায়ক ভাস্কৰজ্যোতি বৰুৱা মুৰ্দাবাদ ধ্বনিৰে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদত মুখৰ হৈ পৰিছে বাগিছাখনৰ শ-শ শ্ৰমিক।