ৱৰ্ল্ড মাষ্টাৰছ এথলেটিক চেম্পিয়নশ্বিপলৈ অসমৰ দুজন জ্যেষ্ঠ খেলুৱৈ নিৰ্বাচিত... 
যোৰহাট

ৱৰ্ল্ড মাষ্টাৰছ এথলেটিক চেম্পিয়নশ্বিপলৈ অসমৰ দুজন জ্যেষ্ঠ খেলুৱৈ নিৰ্বাচিত...

Asomiya Pratidin

ডিজিটেল সংবাদ যোৰহাটঃ সমগ্ৰ বিশ্বতে ক্ৰীড়াই মুখৰিত হৈ থকাৰ মাজতে যোৰহাটলৈ এটি সুখবৰ কঢ়িয়াই আনিছে দুজন জ্যেষ্ঠ খেলুৱৈয়ে। অহা ১৩ আগষ্টৰ পৰা ২৫ আগষ্টলৈকে সুদূৰ চুইডেনত অনুষ্ঠিত হ’ব ‘ৱৰ্ল্ড মাষ্টাৰছ এথলেটিক চেম্পিয়নশ্বিপ’। উক্ত চেম্পিয়নশ্বিপত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি অসমৰ দুজনকৈ জ্যেষ্ঠ খেলুৱৈ ক্ৰমে ডাঃ পি কে শইকীয়া আৰু ড০ বন্দনা সিংহই অংশগ্ৰহণ কৰিব।

সমগ্ৰ বিশ্বৰ শতাধিক দেশৰ কেইবাহাজাৰ খেলুৱৈয়ে যোগদান কৰিবলগীয়া প্ৰতিযোগিতাখনত ১১৩ জনীয়া ভাৰতীয় দলটোত অসমৰ তথা যোৰহাটৰ পৰা নিৰ্বাচিত হোৱা খেলুৱৈ ডাঃ প্ৰদীপ কুমাৰ শইকীয়াই প্ৰতিযোগিতাখনত ৬০ বছৰ উৰ্দ্ধৰ শাখাত যোগদান কৰিব। তেওঁ এশ, দুশ মিটাৰ দৌৰৰ লগতে লং জাম্পত আৰু ড০ বন্দনা সিংহই ৪০ বছৰ উৰ্দ্ধৰ শাখাত যোগদান কৰিব পাঁচ, দহ হাজাৰ মিটাৰ খোজকঢ়াৰ লগতে দুই হাজাৰ মিটাৰ ষ্টিপল ছেজকে ধৰি মুঠ তিনিটাকৈ ইভেণ্টত।

এনেদৰে যোৰহাটৰ পৰা ৰাষ্ট্ৰীয় দলত নিৰ্বাচিত হৈ যোৰহাটৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই অনা দুই জ্যেষ্ঠ খেলুৱৈক যোৰহাট বাসীয়ে আন্তৰিক শুভেচ্ছা জনোৱাৰ লগতে পদক কঢ়িয়াব বুলি আশা ৰাখিছে। যোৰহাট জিলা মাষ্টাৰছ এথলেটিক সন্থাৰ সভাপতি ডাঃ গোলাপ চনদ্ৰ ডেকা আৰু সাধাৰণ সম্পাদক দীপক জ্যোতি বৰাই যোৰহাটৰ দুইজন খেলুৱৈ তথা ভাৰতক প্ৰতিনিধিত্ব কৰা সকলো খেলুৱৈ লৈ আন্তৰিক অভিনন্দন জনাইছে।