যোৰহাট

গ্ৰেটাৰ চেলেং পানী যোগান প্ৰকল্প কেলেংকাৰী

Asomiya Pratidin

ডিজিটেল সংবাদ, মৰিয়নিঃ মৰিয়নি সমষ্টিৰ গ্ৰেটাৰ চেলেং পানী যোগান প্ৰকল্প ৰূপায়নৰ নামত সংঘটিত কেলেংকাৰীৰ বিৰুদ্ধে আটাছুৱে চেলেংহাট আৰক্ষী চকীত এজাহাৰ দাখিল কৰাৰ ৬ দিন উকলি যোৱাৰ পিচতো গোচৰ ৰুজু নোহোৱাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

উল্লেখ্য যে মৰিয়নি সমষ্টিৰ বৃহত্তৰ অঞ্চলৰ ৰাইজে এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে বৰ্তমান হাহাকাৰ কৰিব লগা অৱস্থাৰ সৃষ্টি হোৱাৰ সময়ত দহ বছৰে সম্পূৰ্ণ নহ’ল চেলেং গ্ৰেটাৰ পানী যোগান প্ৰকল্প। প্ৰায় ৫০ কোটি টকীয়া প্ৰকল্পটোৰ নিৰ্মানৰ নামত বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ তথ্য প্ৰকাশ পাইছিল আৰ টি আইৰ প্ৰতিবেদনত। আনহাতে তথ্য জনা অধিকাৰ আইনৰ যোগেদি ফাদিল হোৱা বিশুদ্ধ খোৱা পানী যোগানৰ নামত সংঘটিত হোৱা এই বিয়াগোম কেলেংকাৰী ঢকাৰ বাবে জনস্বাস্থ্য কাৰিকৰী বিভাগে বিভ্ৰান্তিমুলক তথ্য প্ৰদান কৰাৰো গুৰুত্ব অভিযোগ উত্থাপন হৈছে।

উল্লেখ্যে যে মৰিয়নি সমষ্টিৰ ছখন গাঁও পঞ্চায়তৰ অন্তৰ্গত তেত্ৰিছ খন গাঁওৰ ৰাইজক এটুপি বিশুদ্ধ খোৱা পানীৰ যোগানৰ লক্ষ্যৰে ২০১৩ বৰ্ষত আধাৰশিলা স্থাপন কৰিছিল গ্ৰেটাৰ চেলেং পানী যোগান প্ৰকল্পটো। কিন্তু এই বৃহৎ প্ৰকল্পটো স্থাপন কৰা দহ বছৰ উকলি যোৱাৰ পাছতো আজি পৰ্যন্ত ৰাইজে লাভ নকৰিলে এটোপালো পানী। এই কেলেংকাৰীৰ সন্দৰ্ভত সংবাদমাধ্যমত ধাৰাবাহিকভাৱে বাতৰি প্ৰকাশ পাই অহা লগতে স্থানীয় ৰাইজে কোটিটকীয়া প্ৰকল্পটো কাৰ্যক্ষম কৰা আৰু কেলেংকাৰীৰ তদন্তৰ দাবীত প্ৰতিবাদত বহিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে যদিও এইক্ষেত্ৰত ৰহস্যজনকভাবে নীৰৱতা অবলম্বন কৰি আহিছে যোৰহাটস্থ জনস্বাস্থ্য কাৰিকৰী বিভাগে। প্ৰায় পঞ্চাশ কোটি টকাৰ ব্যয় সাপক্ষে নিৰ্মান কৰা এই পানী যোগান আঁচনি বগা হাতীত পৰিণত হৈছে। ১৩নং চেলেং পঞ্চায়তৰ অন্তৰ্গত পানী যোগান প্ৰকল্পৰ কাষৰ অঞ্চলত ১০বছৰে পানী যোগানৰ পাইপে সংস্থাপিত কৰা নহ’ল।

জানিব পৰা মতে শেহতীয়াভাবে জনৈক খেইতান উপাধিৰ এজন ঠিকাদাৰে পানী যোগান আঁচনিৰ গৃহ সংযোগৰ বাবে পাইপ সংস্থাপিত কৰাৰ বাবে ঠিকা লাভ কৰিছে যদিও ঠিকাদাৰে গৃহ সংযোগৰ বাবে অদ্যাপি পাইপ সংস্থাপিত নকৰাত ৰাইজে এটুপি বিশুদ্ধ পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে।ইফালে গ্ৰেটাৰ চেলেং পানী যোগান আঁচনি ৰূপায়নৰ নামত সংঘটিত ব্যাপক অনিয়মৰ বিৰুদ্ধে যোৱা ৭মাৰ্চত যোৰহাটস্থ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্ত্ৰা আৰু ঠিকাদাৰৰ বিৰুদ্ধে চেলেংহাট আৰক্ষী চকীত আটাছুৰ চেলেংহাট আঞ্চলিক সমিতিয়ে এখন এজাহাৰ দাখিল কৰে যদিও অদ্যাপি আৰক্ষীয়ে গোচৰে ৰুজু নকৰাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

আৰক্ষীৰ এক সূত্ৰ মতে এজাহাৰৰ ভিত্তিত প্ৰাথমিক তদন্ত কৰি থকাৰ বাবেহে অদ্যাপি গোচৰ ৰুজু কৰা হোৱা নাই। কিন্তু গ্ৰেটাৰ চেলেং পানী যোগান প্ৰকল্পৰ সৈতে জড়িত জনৈক খৈতান উপাধীৰ প্ৰভাৱশালী ঠিকাদাৰগৰাকী ৰাজনৈতিক নেতাৰে ঘনিষ্ঠ সম্পৰ্ক থকা বাবেই আৰক্ষীয়ে গোচৰ ৰুজু কৰাত হুহোকা পিছলা কৰা বুলি চৰ্চিত হৈছে।মনকৰিব লগীয়া যে চেলেং গ্ৰেটাৰ পানী যোগান প্ৰকল্পৰ দুৰ্নীতিগ্ৰস্থ ঠিকাদাৰ আৰু অভিযন্তাৰ বিৰুদ্ধে কিছু মাহ পূৰ্বে আৰ টি আই কৰ্মী দিগন্ত শইকীয়াইও এজাহাৰ প্ৰদান কৰিছিল যদিও আৰক্ষীয়ে তদন্তৰ নামত ঠিক একেদৰেই ভেকুভাওনা কৰাৰ অভিযোগ উঠিছে।