যোৰহাট

যোৰহাট ডায়েটত মহিলা সবলীকৰণ আৰু স্বাস্থ্য সজাগতা শিবিৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, বেকাজান : ৰাষ্ট্ৰীয় সেৱা আঁচনি গোট ,যোৰহাট জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত "মহিলা সবলীকৰণ আৰু সম্প্ৰদায়ৰ সুস্থতাৰ বাবে যুৱ" শীৰ্ষক বিষয়বস্তু হিচাপে লৈ সাতদিনীয়া বিশেষ শিবিৰ অনুষ্ঠিত হয়। এই শিবিৰটি তিতাবৰ তাঁতী গাঁও চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ত আয়োজন কৰা হয়।

শিবিৰত চাইট প্লাচ্, যোৰহাট আই কেয়াৰ ফাউণ্ডেচন আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনি গোট, ডায়েট যোৰহাট, তিতাবৰৰ সৌজন্যত চকু আৰু ৰক্তচাপ পৰীক্ষা সম্পন্ন কৰা হয়। আশা বৰুৱা, মণিপান গগৈ, ভবেন্দ্ৰ বৰদলৈ আৰু চকু বিশেষজ্ঞ পূজা ভৰালীৰ দ্বাৰা বিনামূলীয়া চকু পৰীক্ষাৰ লগতে ৰক্তচাপ পৰীক্ষা সম্পন্ন কৰা হয়।

ডাঃ সঞ্জীৱ বুঢ়াগোহাঁইৰ পৰ্যবেক্ষণত অনুষ্ঠিত কৰা এই স্বাস্থ্য শিবিৰত ৬৫ গৰাকী ব্যক্তিৰ বিনামূলীয়া চকু আৰু ৰক্তচাপ পৰীক্ষা সম্পন্ন কৰা হয়। ইয়াৰে ২০ গৰাকী ব্যক্তিক আয়ুষ্মান ভাৰত যোজনা, প্রধানমন্ত্রী জন আৰোগ্য যোজনাৰ দ্বাৰা বিনামূলীয়া কেটেৰেক্ট অস্ত্ৰোপ্ৰচাৰৰ বাবে বাচনি কৰা হয়।

এই শিবিৰত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰবক্তা নেত্ৰ গগৈ, প্ৰবক্তা বিকাশ পেগু আৰু শাৰীৰিক শিক্ষা বিভাগৰ প্ৰবক্তা তথা NSS আঁচনি বিষয়া সুমিত কুমাৰ থাপাৰ লগতে কাৰ্যালয়ৰ কৰ্মচাৰী পংকজ বৰা উপস্থিত হৈ শিবিৰ পৰিচালনাত সহযোগিতা আগবঢ়ায়। আনহাতে তাঁতী গাঁৱৰ বিশিষ্ট সমাজকৰ্মী ধ্ৰুৱজ্যোতি দত্ত তথা গাঁৱবাসীয়ে সক্ৰিয় অংশগ্ৰহণ কৰে ।

দ্বিতীয় কাৰ্যসূচী হিচাপে তিতাবৰ তাঁতী গাঁও চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ত ৰাষ্ট্ৰীয় সেৱা আঁচনি(NSS), ডায়েট, যোৰহাটৰ স্বেচ্ছাসেৱক শতাব্দী কাশ্যপ আৰু সুদীপ্তা শইকীয়াৰ নেতৃত্বত স্বেচ্ছাসেৱকসকলৰ দ্বাৰা শিক্ষাৰ্থীসকলক প্লাষ্টিকৰ পুনৰ্ব্যৱহাৰৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়। স্বেচ্ছাসেৱকসকলে প্লাষ্টিকৰ বটলৰ পৰা ফুলৰ টাব, কলম ষ্টেণ্ড, প্লাষ্টিকৰ ইটা আদি প্ৰস্তুত কৰি প্ৰদৰ্শন কৰাৰ লগতে শিক্ষাৰ্থীসকলক এনেবোৰ সামগ্ৰী প্ৰস্তুত কৰিবলৈ উৎসাহিত কৰে।

উক্ত প্ৰশিক্ষণ প্ৰদান অনুষ্ঠানত ডায়েট, যোৰহাটৰ প্ৰবক্তা সুমিত কুমাৰ থাপাই স্বেচ্ছাসেৱকসকলক অনুষ্ঠানটি সুচাৰুৰূপে পৰিচালনা কৰাত বিশেষভাৱে সহায় আগবঢ়ায়।