যোৰহাট

তিতাবৰৰ সাপ্তাহিক বজাৰৰ দুৰৱস্থা : দোকানগৃহত শিপাইছে গছ-লতিকা

Asomiya Pratidin

ডিজিটেল সংবাদ, তিতাবৰঃ তিতাবৰ পৌৰসভাৰ সাপ্তাহিক বজাৰৰ ওলোমা উদ্যানে মুখা খুলিছে বিজেপি চৰকাৰৰ তথাকথিত উন্নয়নৰ ফোপোঁলা স্বৰূপ। বেজৰ নাকতে খৰে ধৰাৰ দৰে তিতাবৰ পৌৰসভাতো স্বচ্ছ ভাৰতৰ শ্ল'গানে পৌৰসভাখনকে নগ্ন কৰিছে।

পৌৰসভাই কেৱলমাত্ৰ ৰাজহ সংগ্ৰহৰ বাবে সোণৰ কণী পৰা হাঁহত পৰিণত কৰা বজাৰখনৰ চৌপাশৰ ভয়ংকৰ দৃশ্যই তিতাবৰৰ জনজীৱনলৈ কঢ়িয়াই আনিছে কল্পনা কৰিব নোৱাৰা ভয়ানক সংকটৰ।

পৌৰসভাৰ অৰ্কমণ্যতা আৰু লেচীনিৰ্ভৰ মানসিকতাৰে নিজৰ দায়িত্ব সামৰা সমষ্টিটোৰ লগতে দাঁতিকাষৰীয়া জিলা আৰু চুবুৰীয়া ৰাজ্য নগালেণ্ডৰো অৰ্থনৈতিক প্ৰাণকেন্দ্ৰ তিতাবৰৰ সাপ্তাহিক বজাৰখনৰ পৰিত্যক্ত অৱস্থাই পৌৰসভাৰ নিৰ্বাচিত জনপ্ৰতিনিধি সকলৰ চিন্তাৰ দৈন্যতাকে লজ্জাজনকভাৱে জনচক্ষুৰ সন্মুখত তুলি ধৰিছে। পদ্ধতিগত অধ্যয়ন আৰু বিজ্ঞানসন্মত পৰিকল্পনাৰ অভাৱত চৌদিশে য'তে ত'তে থুপ খাই থকা জাৱৰৰ দ'মে বজাৰৰ ভিতৰত মানুহ সোমাব নোৱাৰা অস্বাস্থ্যকৰ পৰিৱেশ সৃষ্টি কৰাই নহয় প্ৰধানমন্ত্ৰীৰ স্বচ্ছ ভাৰত অভিযানকো বুঢ়াআঙুলি দেখুৱাইছে।

মান্ধাতা যুগতে নিৰ্মাণ কৰা নামমাত্ৰ দোকানগৃহ কেইটা মেৰামতিৰ অভাৱত উৱঁলি যোৱা আৰু তাৰ ওপৰত গজি উঠা আঁগতগছ আৰু বৰগছৰ দৃশ্যই বেবিলিনৰ ওলোমা উদ্যানৰ দৰে পৌৰসভাইও ওলোমা উদ্যান নিৰ্মাণ কৰা বুলি কঠোৰ ভাষাৰে সমালোচনা কৰিছে স্থানীয় ৰাইজে।

বজাৰখন পৰিচালনা কৰাৰ নামত তিতাবৰ পৌৰসভাই প্ৰতিবছৰে লেচীক দায়িত্ব দিয়েই নিজৰ দায়িত্ব সামৰিছে। পৰিণতিত লেচীয়েও ওভতগোৰে নাচি নিজৰ ইচ্ছামতেই বহু দূৰ-দূৰণিৰপৰা অহা গ্ৰামাঞ্চলৰ বিক্ৰেতা সকলৰপৰা অত্যধিক কৰ সংগ্ৰহ কৰি পাভচোচা দিয়াৰ ফলত প্ৰতি দেওবাৰৰ দিনটোত সৃষ্টি হয় অপ্ৰীতিকৰ পৰিস্থিতিৰ।

সৰ্বসাধাৰণ জনতাৰ লগতে বজাৰ পৰিচালনা সমিতিয়েও পৌৰ আইন অনুসৰি পৌৰসভাক লেচীয়ে সংগ্ৰহ কৰিব পৰা মূল্য তালিকা ৰাজহুৱাকৈ লিপিৱদ্ধ কৰিবলৈ বাৰম্বাৰ দাবী জনাই আহিছে। কিন্তু দূৰ্ভাগ্যজনক কাৰণত জোলোঙাৰ মেকুৰী ওলোৱাৰ ভয়ত পৌৰসভাই আজিলৈকে সেইকাম কৰিবলৈ সাহস নকৰিলে। তিতাবৰৰ অৰ্থনীতিৰ চালিকাশক্তি বজাৰখনক তিনিতৰপীয়াকৈ অত্যাধুনিকভাৱে নিৰ্মাণ কৰাৰ দাবীয়ে স্বাধীনতাৰ অমৃতকালতো পূৰ্ণতা নাপালে।

অসম কৃষি সামৰ্দ্ধবৰ্ধন প্ৰকল্পৰ অধীনত বজাৰখনৰ আধুনিকীকৰণৰ বাবে অনুমোদন দিয়া ৬৭ লাখ টকাৰ দুৰ্নীতি আৰু অনিয়মৰো আজিলৈকে নহ'ল কোনো তদন্ত। নিৰ্ধাৰিত ধনৰাশি দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰে গো-গ্ৰাসে গিলি থোৱাত নিৰ্মান নহ'ল বজাৰৰ পকী চালিঘৰ। টয়লেট আৰু লেট্ৰিন নিৰ্মাণো বছৰ পিছত বছৰ দিন ধৰি অৰ্ধসম্পূৰ্ণ আৰু ব্যৱহাৰৰ অনুপযোগী হৈ পৰি ৰ'ল।

স্বাধীনতাৰ অমৃতকালত স্থানীয় বিধায়ক ভাস্কৰজ্যোতি বৰুৱা আৰু সাংসদ তপন কুমাৰ গগৈক বজাৰখনৰ উন্নয়নৰ দাবী জনোৱাৰ পিছতো নাপালে কোনো সহাঁৰি।