বান পীড়িত ৰাইজৰ মাজত সাহাৰ্য বিতৰণ আউনীআটী সত্ৰৰ... 
যোৰহাট

বান পীড়িত ৰাইজৰ মাজত সাহাৰ্য বিতৰণ আউনীআটী সত্ৰৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ টেঙাখাত: টেঙাখাত ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অধীনৰ ঘোমতালত যোৱা ২ জুলাইত বুঢ়ীদিহিং নদীৰ প্ৰৱল বানত মথাউৰি ছিগাৰ পৰিপ্ৰেক্ষিতত সংলগ্ন গাওঁ ঘোমতাল, শামুকনী, ন-খঙীয়া বঙালী গাঁৱৰ ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থা হয়। ইতিমধ্যে বানপানী শুকাইছে যদিও বানাক্ৰান্ত ৰাইজ নাজল -নাথল অৱস্থাত ভূগী আছে ।

এনে সময়ত আউনীআটী সত্ৰৰ সত্ৰাধীকাৰ ড° শ্ৰীশ্ৰী পীতাম্বৰ দেৱগোস্বামীয়ে এক মহানুভৱতাৰ পৰিচয় দাঙি ধৰিছে। সত্ৰাধিকাৰগৰাকীয়ে শনিবাৰে সত্ৰৰ প্ৰতিনিধি হিচাপে পূজাৰী অজিত শৰ্মা আৰু ভকত শশীন কাশ্যপক ঘোমতালৰ অতি দুৰ্গত বানাক্ৰান্ত অঞ্চললৈ এষাৰি মাত দিবলৈ, এখনি সহমৰ্মিতাৰ পত্ৰ, কিঞ্চিত বস্ত্ৰ আৰু দহ হাজাৰ টকাসহ প্ৰেৰণ কৰে।

উক্ত সত্ৰৰ প্ৰতিনিধি দুজনে ঘোমতাল নামঘৰত উপস্থিত হৈ সত্ৰাধীকাৰগৰাকীয়ে প্ৰেৰণ কৰা উল্লেখিত পত্ৰ, ধন, বস্ত্ৰ অৰ্পন কৰাৰ লগতে বিজয় সোনোৱালৰ ঘৰত দুদিনীয়া বাহৰ পাতে। ইফালে আজি সত্ৰৰ পৰা পঠিওৱা অৰিহণা আৰু স্থানীয় দুজনমান সহৃদয়বান ব্যক্তিয়ে সহযোগ কৰা ধনেৰে চাউল, দাইল, আলুৰ টোপোলা  তথা সৰু ল'ৰাৰ বাবে বিস্কুতৰ পেকেট কেইবাজনো স্থানীয় শুভাকাংক্ষী ব্যক্তিৰ সহযোগত ন-খঙীয়া বঙালী গাঁৱৰ নামঘৰ, শামুকনী হৰিমন্দিৰ আৰু ঘোমতাল নামঘৰত সমবেত ৰাইজক প্ৰদান কৰে।

সত্ৰৰ প্ৰতিনিধি কেইগৰাকীয়ে অঞ্চলটোৰ প্ৰায় ২৫০ টা পৰিয়ালৰ সৈতে এই দুখৰ সময়ত থিয় দিয়ে। বানাক্ৰান্ত ৰাইজে আউনীআটী সত্ৰৰ এনে মহানুভৱতাক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে।