জোনমণি কাণ্ডৰ ৪ টা গোচৰৰ তদন্ত কৰিব চি বি আইয়ে... 
অসম

CID কাৰ্যালয়,জখলাবন্ধাত উপস্থিত CBI ৰ দল

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অৱশেষত জোনমণি ৰাভা মৃত্যুৰ তদন্তৰ দায়িত্ব ললে চি বি আইয়ে। ১৫ মে'ৰ পুৱতি নিশা জখলাবন্ধা আৰক্ষী থানাৰ অন্তৰ্গত ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছিল জোনমণি ৰাভাৰ। তাৰ পাছতে আৰক্ষী বিষয়া গৰাকীৰ মৃত্যুক লৈ সৃষ্টি হৈছিল বহু ৰহস্যৰ।

জোনমণি ৰাভাৰ মাতৃকে ধৰি বহুতে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰিছিল। পোহৰলৈ আহিছিল নকল সোণ, জাল নোটৰ ব্যৱসায়ৰ কথা। এই কাণ্ডৰ লগত সাঙোৰ খাইছিল বহু আৰক্ষী বিষয়াৰ নামো। প্ৰথম অৱস্থাত জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত চি আই ডিৰ হাতত আছিল যদিও পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে চিবিআইৰ তদন্ত দাবী কৰিছিল।

তাৰ মাজতে চিবিআই তদন্তৰ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ঘটনাৰ প্ৰায় ১ মাহ পাছত বৃহস্পতিবাৰে অসমত উপস্থিত হয় চিবিআই এটি দল। চি বি আইৰ ডি আই জি লাভলি কাটাৰিয়াৰ নেতৃত্বত জোনমণিৰ ৰাভাৰ নেতৃত্বত অসমত উপস্থিত হৈছে দলটো।

লাভলি কাটিয়াৰৰ সৈতে আন এজন বিষয়া ইতিমধ্যে উপস্থিত হৈছে চি আই ডি কাৰ্যালয়ত আৰু আন ৩ গৰাকী চি বি আইৰ বিষয়া গৈছে দুৰ্ঘটনা সংঘটিত হোৱা ঠাইলৈ।

উল্লেখ্য যে, লাভলি কাটিয়াৰ প্ৰথম অৱস্থাত ৰাজস্থান আৰক্ষীত কৰ্মৰত আছিল। ২০২১ চনত তেওঁ চিবিআইৰ এছ পি হিচাপে যোগদান কৰিছিল। আৰু পৰৱৰ্তী সময়ত তেওঁ ডি আই জি হিচাপে যোগদান কৰে। লাভলি কাটাৰিয়া ২০০৮ বেটছৰ ৰাজস্থান কেডাৰ আই পি এছ বিষয়া। ৰাজস্থানত বহু অপৰাধীক নাকী লগাইছে এইগৰাকী আইপিএছ বিষয়াই।