অসম

সংগ্ৰামীৰ তেজৰ মূল্য দিব নোৱাৰিলে নৱ শৰণীয়াইঃ জোন দাস

Asomiya Pratidin

ডিজিটেল সংবাদ,বাক্সাঃ দেওবাৰে মুছলপুৰত কোকৰাঝাৰ লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী জোন দাসে এক সংবাদমেল সম্বোধন কৰি কেবাটাও বিষয় উত্থাপন কৰে। প্ৰচাৰৰ শেষ দিনটোত দীৰ্ঘদিনীয়া অবড়ো সংগ্ৰামৰ ত্যাগ সুঁৱৰি আবেগিক কোকৰাঝাৰ লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী জোন দাস।

বিগত ১৪ বছৰে নিজৰ পৰিয়ালৰ কথা চিন্তা নকৰি কেৱল জাতি-মাটি-ভাষাৰ সুৰক্ষাৰ সংগ্ৰাম খনত ব্ৰতী হোৱা জোন দাস ওৰফে জ্যোতিষ কুমাৰ দাসে বিচাৰিছে মাথো ৰাইজৰ আশীৰ্বাদ ।

জোন দাসে সংবাদমেলত কয় যে, নৱ কুমাৰ শৰণীয়া অবড়ো সকলৰ আবেগৰ বলত দুবাৰকৈ সাংসদ হৈছিল যদিও তেওঁ এতিয়া বিক্ৰী হৈছে।অবড়ো ৰাইজৰ মাজৰ পৰা চিৰদিনৰ বাবে নোহোৱা হৈ যোৱা মনোজ, লাফিকুল, বিদ্যুৎ, খনিন, মহেন্দ্ৰ হীৰাকে ধৰি কেবাগৰাকীও সংগ্ৰামীৰ তেজৰ উচিত মূল্য দিব নোৱাৰিলে নৱ শৰণীয়াই।

সেয়ে বিটিআৰত বসবাস কৰা অবড়ো ৰাইজৰ জাতি-মাটি-ভাষাৰ সুৰক্ষাৰ স্বাৰ্থত হীৰাৰ ছবিত ভোট প্ৰদান কৰক বুলি ৰাইজক আহ্বান জনাই নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে।

যদি অবড়ো ৰাইজ অন্য প্ৰলোভনত ভোল গৈ জোন দাস ওৰফে জ্যোতিষ কুমাৰ দাসক জয়ী নকৰে তেন্তে জোন দাসে ৰাইজৰ বাবে আৰু নিজৰ জীৱনক উৎসৰ্গা নকৰে বুলিও তেওঁ মন্তব্য কৰে।