অসম

ৱাল ভাঙি কাৰ্যালয়ত সোমাল তীব্ৰবেগী ডাম্পাৰ, থিতাতে নিহত এজন

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মহানগৰীৰ কাহিলিপাৰাৰ ডিপিআইত মঙলবাৰে দিনৰ ভাগত সংঘটিত হয় এক ভয়ংকৰ দুর্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই চৰকাৰী কাৰ্যালয়ত সোমাই যায় দ্ৰুতবেগী ডাম্পাৰ।

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্রশিক্ষণৰ কাৰ্যালয়ৰ ৱাল ভাঙি ভিতৰত সোমাই পৰে ডাম্পাৰখন। যাৰ ফলত ডাম্পাৰৰখনৰ চেপাত থিতাতে নিহত এজন লোক। নিহত লোকজন ছিপাঝাৰৰ নিখিল ডেকা বুলি চিনাক্ত হৈছে। দুৰ্ঘটনা সংঘটিত কৰা GMC ডাম্পাৰখনৰ নম্বৰ AS 09 C9666 ।

ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।