অসম

মৃত্যু উপত্যকালৈ পৰিণত হৈছে কাইফলাংচু জলপ্ৰপাত....

Asomiya Pratidin

ডিজিটেল সংবাদ, বোকাখাতঃ বোকাখাত আৰু কাৰ্বিআংলঙৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত আৰু স্থানীয়-বিদেশী পৰ্যটকৰো আকৰ্ষণৰ কেন্দ্ৰবিন্দু কাইফলাংচু জলপ্ৰপাত।

প্ৰত্যেক বছৰেই গ্ৰীষ্মৰ দিনবোৰতেই হওক বা আন সময়তেই হওক জলপ্ৰপাতটোৰ নান্দনিক জলৰাশী উপভোগ কৰিবলৈ অনেকলোকৰ সমাগম হয় যদিও লাহে লাহে এক মৃত্যু উপত্যকালেহে যেন পৰিণত হৈছে জলপ্ৰপাতটো।

জলপ্ৰপাতটোৰ দৃশ্য উপভোগ কৰিবলৈ আহি ইতিমধ্যে ইয়াৰ জলৰাশীত অকাল মৃত্যুক সাবতি লৈছে বহুজনে।

বৃহস্পতিবাৰেও এনেদৰেই জলপ্ৰপাতটো ফুৰিবলৈ গৈ গা ধুই থকা অৱস্থাত বোকাখাত আমটেঙা আদৰ্শ মিচিং গাঁৱৰ কৃষ্ণ দলেৰ পুত্ৰ পিংকল দলে নামৰ এজন ১৫ বছৰীয়া স্থানীয় কিশোৰে অকাল মৃত্যুক সাবতিব লগীয়া হোৱা ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বোকাখাতত।

উল্লেখযোগ্য যে কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ দ্বাৰা পৰিচালিত এই পৰ্যটকথলিত পৰ্যটকৰ নিৰাপত্তাৰ দিশটোত দীৰ্ঘদিনৰ পৰা চৰম গাফিলতি কৰি অহাৰ অভিযোগ উত্থাপন হৈছে পৰিষদখনৰ বিপৰীতে। কেৱল পৰ্যটকৰ পৰা টিকটৰ নামত ধন সংগ্ৰহৰ লক্ষ্যৰেহে উক্ত ঠাইত জলপ্ৰপাতটোৰ "কাইফলাংচু ৱাটাৰফল চিংথৰ" নামৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া সকলে বাহৰ পাতি আছে নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে সচেতন মহলে।

ইফালে বৃহস্পতিবাৰৰ ঘটনাটোৰ পূৰ্বেও সংঘটিত হোৱা এনে কেইবাটাও শোকাবহ দুৰ্ঘটনাৰ পাছতো কাৰ্বি শ্বায়ত্ব শাসিত পৰিষদৰ নিৰাপত্তাজনিত দিশটোৰ প্ৰতি থকা গাফিলতিৰ ক্ষেত্ৰত প্ৰশ্ন উঠিছিল। কিন্তু বিশেষ গুৰুত্ব আৰোপ কৰা নাছিল বিষয়ববীয়াসকলে ফলত বাৰে বাৰে এনে শোকাবহ ঘটনা সংঘটিত হৈ আহিছে জলপ্ৰপাতটোত।

ইয়াৰ উপৰিও জলপ্ৰপাতটো দৰ্শনৰ বাবে অহা একাংশলোকৰ অবাধ সুৰাৰ ব্যৱহাৰ, পৰিবেশ প্ৰদুষণ আদিৰ ক্ষেত্ৰটো নিৰ্লিপ্ত ভূমিকা পালন কৰি আহিছে এই "কাইফলাংচু ৱাটাৰফল চিংথৰ" নামৰ পৰিচালনা সমিতিখনে।

গোলাঘাট আৰু কাৰ্বিআলঙ জিলাৰ সীমান্তৱৰ্তী স্থানত অৱস্থিত জলপ্ৰপাতটোলৈ যিহেতু অধিকাংশ পৰ্যটক গোলাঘাট জিলাৰ বোকাখাত হৈয়েই যায় সেয়ে পৰ্যটকৰ নিৰাপত্তাজনিত দিশটোত বোকাখাত মহকুমা প্ৰশাসনৰ তৰফৰ পৰাও শীঘ্ৰেই যথোপযুক্ত ব্যৱস্থা গ্ৰহন কৰিবলৈ দাবী জনাইছে সচেতন ৰাইজে।