অসম

অৰন্য মানৱ! গছৰ ওপৰতে বাস কৰি আহিছে ৩৫ বছৰ ধৰি...

Asomiya Pratidin

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ বটিয়াৰোকা নচিংটাপুৰ ঘন অৰন্যত যোৱা ৩৫ বছৰৰো অধিক কাল ধৰি গছৰ ওপৰৰ চাং ঘৰত বসবাস কৰি অহা এগৰাকী ব্যক্তি হ'ল কৈলাশ ভূঞাঁ ৷ নিজ পৰিয়াল তথা মানৱ সমাজৰ পৰা নিলগত থকা এইগৰাকী ব্যক্তিয়ে সূদীৰ্ঘ ৩৫ বছৰো অধিক কাল ধৰি জীৱ জন্তু চৰাই চিৰিকটিৰেই সহৱস্থান কৰি অহা পৰিলক্ষিত হৈছে ৷

এইয়া কোনো হিন্দী চিনেমাৰ টাৰ্জানৰ কাহিনী নহয়৷ এইয়া হ'ল জামুগুৰিহাটৰ এখন হাবিত অকলেই দীৰ্ঘদিন ধৰি জীৱ-জন্তু আৰু গছ, লতা ,তৰু তৃণৰ লগত বসবাস কৰি অহা এগৰাকী চিৰকুমাৰৰ বাস্তৱ জীৱনশৈলী সঁচা তাৰ্জান তথা অৰন্যমানৱৰ সঁচা কাহিনী৷জীৱজন্তুৰ সৈতেও কথা পাতিব জনা এই এইগৰাকী কৈলাশ ভূঞাঁই পশু পক্ষীৰ সুৰক্ষাৰ স্বাৰ্থত নিজ এলেকাৰ হাবি খনত কোনো লোককেই সোমাবলৈ নিদিয়ে৷

গছৰ ওপৰতেই থকা-ৰান্ধি খোৱাৰ লগতে নিশা শুব পৰা সকলো সুবিধা কৰি লোৱা কৈলাশ ভূঞাই মানৱ জাতিৰ অমানবীয় কাৰ্য সহ্য কৰিব নোৱাৰিয়েই এইদৰে জংঘলত বাস কৰিবলৈ লোৱা বুলিও জানবলৈ দিয়ে ৷