অসম

জখলাবন্ধাত নৈশ বাছলৈ শিলগুটি নিক্ষেপ দুৰ্বৃত্তৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ কলিয়াবৰৰ জখলাবন্ধাত শনিবাৰে নিশা চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। চলিত নৈশ বাছলৈ শিলগুটি নিক্ষেপ কৰে দুৰ্বৃত্তই। ভংয়কৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে নৈশ বাছখন। দুৰ্বৃত্তৰ শিলগুটি নিক্ষেপত আতংকিত হৈ পৰে যাত্ৰীসকল।

নিশা প্ৰায় ডেৰ বজাত এ এছ ০১ কিউ চি ৮৮৩৭ নম্বৰৰ ত্ৰিশূল ট্ৰেভেলচ্ নামৰ বাছখনলৈ দুৰ্বৃত্তই শিলগুটি নিক্ষেপ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। যোৰহাটৰ পৰা  গুৱাহাটী অভিমুখী বাছখন লৈ লক্ষ্য কৰি জখলাবন্ধাৰ আচিনা সত্ৰৰ সমীপত শিলগুটি নিক্ষেপ কৰে দুৰ্বৃত্তই।

তিনি উদণ্ড যুৱকে এই কাণ্ড সংঘটিত কৰি পলায়ন কৰে বুলি প্ৰকাশ কৰিছে বাছখনৰ চালকে। দুৰ্বৃত্তৰ শিলগুটি নিক্ষেপত এটি শিশু সহ তিনি যাত্ৰী আহত হয়। ঘটনাস্থলীত জখলাবন্ধা আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।