অসম

আইতাকৰ হাত এৰি দৌৰিছিল পথলৈ, বাছৰ খুন্দাত প্ৰাণ গ'ল কনমানিৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ শনিবাৰে কলিয়াবৰ মিছাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। যাত্রীবাহী বাছে মহটিয়াই নিলে কণমানি শিশুক। থিতাতে নিহত বিনীতা কৈৰী নামৰ শিশুটি। অনুৰাগ নামৰ বাছখনে মহটিয়ালে ৮ বছৰীয়া শিশুটিক। গুৱাহাটীৰ পৰা শিৱসাগৰ অভিমুখী আছিল বাছখন।

আইতাকৰ হাতৰ পৰা এৰি পথলৈ দৌৰি গৈছিল শিশুটি। তেতিয়াই সংঘটিত হয় এই ঘটনা। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে জব্দ কৰে বাছখন। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আৰক্ষীৰ। এই ঘটনাই সমগ্ৰ অঞ্চলটোত শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে।