অসম

বিদ্যুৎ বিভাগৰ কাণ্ডহীনতাত প্ৰাণ গ'ল এজনৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, নগৰবেৰাঃ কামৰূপ জিলাৰ নগৰবেৰাৰ নাইটৰ বিদ্যানগৰত শুকুৰবাৰে সংঘটিত হয় এক ভয়ংকৰ ঘটনা। গাঁওখনত বিদ্যুৎ সেৱা ব্যাহত হৈ থকাত ৰাতিপুৱাই বিদ্যুৎ বিভাগৰ লোক আহি মেৰামতিৰ কাম আৰম্ভ কৰে। স্থানীয় দুজন যুৱক ক্ৰমে ছাহিনুৰ ইছলাম আৰু ছাদ্দাম হুছেইনক হাজিৰা হিচাপে লৈ বিদ্যুতৰ খুটা আৰু তাঁৰত লাগি গছৰ ডাল পাত ছাফা কৰিছিল।

দুয়োজন শ্ৰমিক যুৱকে কাম কৰি থকা অৱস্থাত বিদ্যুত বিভাগে বিদ্যুৎ সংযোগ কৰি দিয়াৰ ফলত বিদ্যুতৰ তাঁৰত লাগি ধৰে দুয়োজন যুৱক। ঘটনাস্থলীত বিদ্যুত বিভাগৰ লোক থকাৰ পিছতো যুৱক দুজনক ৰক্ষাৰ্থে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে । পিছত স্থানীয় লোকে মৃতপ্ৰায় অৱস্থাত ছাদ্দাম হুছেইন নামৰ যুৱকজনক তাঁৰৰ পৰা নমাই চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

ইপিনে ঘটনাস্থলীতে মৃত্যু হয় ছাহিনুৰ ইছলাম নামৰ যুৱকজন। এতিয়াও মৃত যুৱকজনৰ মৃতদেহ বিদ্যুতৰ তাঁৰত ওলমি আছে। ঘটনাস্থলীত থকা ডিম্বেশ্বৰ দাস নামৰ বিদ্যুৎ বিভাগৰ কৰ্মচাৰীজনক ৰাইজে ঘেৰাও কৰি ৰাখিছে।                     

উক্ত ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। পিছত নগৰবেৰা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। দণ্ডাধীশৰ উপস্থিতত মৃত ছাহিনুৰ ইছলামৰ মৃতদেহ নমোৱা হয় । দণ্ডাধীশে পৰিয়ালটোক উপযুক্ত ক্ষতিপূৰণ আদায় দিয়াৰ আশ্বাস দিছে। এই ঘটনাই অঞ্চলটোত শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে।