অসম

ৰঙিয়াত কামৰূপ জিলা সাহিত্য সভাৰ কুঁহি অনুষ্ঠান

Asomiya Pratidin

ডিজিটেল সংবাদ,ৰঙিয়া : ৰঙিয়াৰ ঐতিহাসিক ৰাইজমেল কৃষক শ্বহীদ ভৱনত শুকুৰবাৰে কামৰূপ জিলা সাহিত্য সভাৰ কুঁহি অনুষ্ঠান অনুষ্ঠিত হয়। ৰণদিয়া (শতদল) সাহিত্য সভাৰ সহযোগত অনুষ্ঠিত কামৰূপ জিলা সাহিত্য সভাৰ কুঁহিৰ আহ্বায়ক পঙ্কজ পল্লৱ শৰ্মাই সঞ্চালনা কৰা অনুষ্ঠানটি উদ্ধোধন কৰে বিশিষ্ট নাট্যকাৰ শৈলেন দাসে ।

অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে কামৰূপ জিলা সাহিত্য সভাৰ সম্পাদক ৰজনী শালৈ, অসম সাহিত্য সভাৰ জনগোষ্ঠীয় ইতিহাস প্ৰকল্প সমিতিৰ আহ্বায়ক ডাঃ বিপিন চন্দ্ৰ কলিতা, ৰাজ্য ভাষা মাতৃভাষা প্ৰয়োগ সমিতিৰ আহ্বায়ক হেমন্ত কলিতা (হেমেন), ৰণদিয়া (শতদল) সাহিত্য সভাৰ উপসভাপতি মুকুল ভুঞা, অসম লেখিকা সমাজ কামৰূপ জিলা সমিতিৰ উপসভানেত্ৰী অনুপমা দেৱী।

ইয়াৰ প্ৰাকমুহুৰ্তত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে ৰণদিয়া (শতদল) সাহিত্য সভাৰ সভাপতি জয়ন্তজিত কলিতাই। স্মৃতি তৰ্পন কৰে সম্পাদক উজ্বল ডেকাই।

অনুষ্ঠানত দক্ষিণ পাণ্ডুৰী সাহিত্য সভাৰ সভাপতি অনিল চন্দ্ৰ দাস, সমাজকৰ্মী হিতেশ বৈশ্য, ৰঞ্জন দাস, লনী দাস , কামৰূপ জিলা সাহিত্য সভাৰ মূখ্য সাংগঠনিক সম্পাদক ৰমেশ চন্দ্ৰ মেধী , অসম সাহিত্য সভাৰ আজীৱন সভ্য নিপন ভূঞা, প্ৰতুল ভূঞা, মনালিছা গোস্বামী, সংগীত শিল্পী অকন কলিতাক সম্বৰ্দ্ধনা জনোৱা হয়। অনুষ্ঠানত কামৰূপ জিলা লেখিকা সমাজৰ সভাপতি বিশিষ্টা লেখিকা সবিতা বৰ্মন, সম্পাদক মামনি লহকৰ, বিত্ত সম্পাদক ডলি কলিতা, সদস্যা ডালিমী কুলাধিপতি, ৰীণা মহন্ত, মাধবী কলিতা, বিশিষ্টা নামতী ৰীণা দেৱী, লেখিকা বিমলা দেৱী, শিশু সাহিত্যিক ভুপেন চন্দ্ৰ দাস, বিহুৱা ৰূপম দাস,সংবাদকৰ্মী ভাস্কৰ কলিতা আৰু কাৰ্যকৰী সভাপতি বিপিন লহকৰ আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। কামৰূপ জিলাৰ বিভিন্ন প্ৰান্তৰ শতাধিক শিশুৱে অংশগ্ৰহণ কৰা অনুষ্ঠানত জিয়া দাস আৰু হিয়া হিমাশ্ৰীৰ গীতে অনুষ্ঠানটি সোণত সুৱগা চৰায়।