বীৰ সৈনিক সেনাধক্ষ্য ড° কালিদাস বৈদ্যৰ ১৩ সংখ্যক মৃত্যু বাৰ্ষিকী পালন... 
কাৰ্বি-আংলং

বীৰ সৈনিক সেনাধক্ষ্য ড° কালিদাস বৈদ্যৰ ১৩ সংখ্যক মৃত্যু বাৰ্ষিকী পালন...

Asomiya Pratidin

ডিজিটেল সংবাদ হাওৰাঘাট: দেশৰ বিভিন্ন প্ৰান্তৰ লগতে কাৰ্বি আংলং জিলাৰ উত্তৰ বড়বিলৰ ৰেং ৰেং জাৰণিস্থিত কালী মন্দিৰ প্ৰাংগনত সোমবাৰে বংগ সেনাধক্ষ্য ড° কালিদাস বৈদ্যৰ ১৩ সংখ্যক মৃত্যু দিৱস দিনজোৰা কাৰ্য্যসূচীৰে পালন কৰা হয়। কাৰ্য্যসূচী অনুসৰি আৰাধ্য দেৱীক আৰাধনা কৰাৰ পিছতে ৰাষ্ট্ৰীয় মৰ্য্যদা সহকাৰে দেশৰ পতাকা উত্তোলন কৰাৰ লগতে বংগ সেনাধক্ষ্য ড° কালিদাস বৈদ্যৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি আৰু মাল্যাৰ্পণ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে বংগভূমি অসমৰ সেনানায়ক নাৰায়ণ দাসে।

আনহাতে বংগভূমি অসমৰ সহ সেনানায়ক নকুল দাসে আঁত ধৰা উক্ত কাৰ্য্যসূচীত উপ-সভাপতি গুণধৰ দাসৰ উপৰিও সংগঠনটোৰ শীৰ্ষ পৰ্য্যায়ৰ বহু কেইগৰাকী নেতৃত্বৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা নেতা-কৰ্মীসকলো উপস্থিত থাকে। উক্ত কাৰ্য্যসূচীতে প্ৰয়াত বংগ সেনাধক্ষ্যগৰাকীৰ জীৱন বৃত্তান্ত তথা ত্যাগ স্বীকাৰ কৰাৰ কথাও আলোচনা কৰা হয়।