ডিফু ক্লাবত আপৰ গুৰুত্বপূৰ্ণ সভা সম্পন্নঃ ৰাজ্যিক নেতৃত্বৰ অংশগ্ৰহণ... 
কাৰ্বি-আংলং

ডিফু ক্লাবত আপৰ গুৰুত্বপূৰ্ণ সভা সম্পন্নঃ ৰাজ্যিক নেতৃত্বৰ অংশগ্ৰহণ...

Asomiya Pratidin

ডিজিটেল সংবাদ গুৱাহাটীঃ আম আদমি পার্টীৰ কাৰ্বি আংলং জিলাৰ এখন কাৰ্যকর্তা সভা আজি ডিফু ক্লাৱত অনুস্থিত হয়। ৰাষ্ট্ৰীয় সংগীতেৰে আৰম্ভ কৰা সভাখনত সভাপতিত্ব কৰে জিতেন ৰংপীয়ে।

জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্রায় দুই শতাধিক কার্যকৰ্তাৰ উপস্থিতিত অনুষ্ঠিত সভাত অহা দিনবোৰত দলৰ সংগঠন অধিক শক্তিশালী কৰাৰ অংগীকাৰ কৰে। সভাত আপৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্ত্বাবধায়ক ৰাজেশ শর্মা, ৰাজ্যিক সভাপতি ডাঃ ভৱেন চৌধুৰী দলৰ প্রাক্তন ৰাজ্যিক উপ-সভাপতি তথা ৰাজ্যিক কাৰ্যকৰী গোটৰ সদস্য ৰাজীব শইকীয়া, পুডিং তেৰাং, কার্তিক বে', ছৰচিং টেৰন, পবিত্ৰ বৰা, উদয় বৰা আদিয়ে অংশগ্ৰহণ কৰে।

সভাত বক্তব্য প্ৰদান কৰি তত্বাবধায়ক ৰাজেশ শর্মাই আগন্তুক বিধানসভা আৰু পৰিষদীয় নির্বাচনৰ বাবে সাজু হ'বলৈ সকলোকে আহ্বান জনায়। ৰাজ্যিক সভাপতি ডাঃ ভৱেন চৌধুৰীয়ে দল আগবঢ়াই নিয়াত কাৰ্যকৰ্তাসকলৰ সহযোগিতা বিচাৰে।

যুৱনেতা তথা ৰাজ্যিক কাৰ্যকৰী গোটৰ অন্যতম সদস্য ৰাজীব শইকীয়াই কাৰ্বি আংলঙৰ পৰা শাসকীয় দলক উৎখাৎ কৰিবলৈ আন্তৰিকতাৰে দলৰ কামত আত্মনিয়োগ কৰিবলৈ সকলোকে আহ্বান জনায়। তেওঁ জিলাখনৰ জাতীয়, জনগোষ্ঠীয়, জনজাতীয় আদি সংগঠনবোৰৰ সহযোগিতা কামনা কৰে।