হাওৰাঘাট বিধ্বস্ত পথ মেৰামতিৰ দাবীত উপাধ্যক্ষলৈ স্মাৰক পত্ৰ ছাত্ৰ সন্থাৰ... 
কাৰ্বি-আংলং

হাওৰাঘাট বিধ্বস্ত পথ মেৰামতিৰ দাবীত উপাধ্যক্ষলৈ স্মাৰক পত্ৰ ছাত্ৰ সন্থাৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ হাওৰাঘাটঃ কাৰ্বি আংলং জিলাৰ হাওৰাঘাট আঞ্চলিক ছাত্ৰ সন্থাই এক বিবৃতি যোগদি সংবাদ মাধ্যমক জানিবলৈ দি কয় যে, কাৰ্বি আংলং জিলাৰ হাওৰাঘাট নগৰৰ বৃহত্তৰ অঞ্চলৰ হাওৰাঘাটৰ বিভিন্ন ৱাৰ্ডত কাহানিবাই নিৰ্মাণ কৰা পথসমূহত বৃহৎ বৃহৎ আকাৰৰ গাতৰ সৃষ্টি হৈছে। যাৰ ফলত এই গাতসমূহত পানী জমা হৈ যাতায়তৰ বাবে একেবাৰে অনুপযোগী তথা মৰণফান্দত পৰিণত হৈছে।

য'ত ছাত্ৰ-ছাত্ৰীৰ লগতে বিভিন্নজন দুৰ্ঘটনাত পতিত হ'ব লগা হৈছে। লগতে হাওৰাঘাটৰ পদপথসমূহো অতি শোচনীয়া অৱস্থাত আছে। পথ আৰু পদপথসমূহৰ এনে জৰাজীৰ্ণ অৱস্থাই বৃহত্তৰ অঞ্চলটোৰ জনসাধাৰণৰ দৈনন্দিন জীৱনধাৰা ব্যাহত কৰি তুলিছে বুলি অভিযোগ তুলি আজি হাওৰাঘাত কাৰ্বি আংলং জিলা স্বায়ত্ত পৰিষদৰ উপাধ্যক্ষ আৰু হাওৰাঘাট পৌৰ সভাৰ পৌৰপতিক একোখনকৈ স্মাৰক পত্ৰ প্ৰদান কৰি উক্ত পথ আৰু পদপথসমূহ অতি শীঘ্ৰেই পুনৰ নিৰ্মাণ তথ মেৰামতিৰ বাবে হাওৰাঘাট আঞ্চলিক ছাত্র সন্থাই দাবী জনাইছে ।