সাংবাদিক ধৰ্মেন্দ্ৰ খাখলাৰীসহ ২০ গৰাকীলৈ 'অসম গ্ৰাম্য শিৰোৰত্ন বঁটা' 
কাৰ্বি-আংলং

সাংবাদিক ধৰ্মেন্দ্ৰ খাখলাৰীসহ ২০ গৰাকীলৈ 'অসম গ্ৰাম্য শিৰোৰত্ন বঁটা'

Asomiya Pratidin

ডিজিটেল সংবাদ হাওৰাঘাটঃ পশ্চিম কাৰ্বি আংলঙত ২০০৮ চনত গঠন হোৱা 'অসম গৰীয়সী পুথি সংৰক্ষণ আৰু সাহিত্য-সংস্কৃতি বিকাশ মঞ্চ' ই ৰাজ্যখনৰ অন্তৰ্গত চহৰ, নগৰ আৰু অতিকে পিছপৰা গ্ৰাম্যাঞ্চলৰ ধৰ্ম, শিক্ষা, ক্ৰীড়া, সাহিত্য-সংস্কৃতি, স্থাপত্য, ভাস্কৰ্য তথা সুকুমাৰ কলা, সমাজ সংগঠন, সমাজ সেৱক, সাংবাদিকতা আদিৰ দিশত পাৰদৰ্শিতা দেখুওৱা ব্যক্তিক তেখেতসকলৰ কৰ্মৰ স্বীকৃতি স্বৰূপে তথা উৎকৰ্ষমূলক কামত প্ৰেৰণা আৰু উৎসাহিত কৰাৰ অৰ্থে লগতে জ্ঞাত, অজ্ঞাত আৰু তেনে প্ৰচাৰ বিমুখ লোকৰ সুপ্ত প্ৰতিভাসমূহ আৰু অধিক বিকাশ যাতে ঘটাব পাৰে তাৰ বাবে এই সংগঠনটোৱে ২০০৮ চনৰ পৰা বিশ্বৰ প্ৰয়াত মাতৃসকলৰ সোঁৱৰণত "অসম গ্ৰাম্য শিৰোৰত্ন বঁটা'' প্ৰদান কৰি আহিছে।

এই উদ্দেশ্য আগত ৰাখিয়েই অসম গৰীয়সী পুথি সংৰক্ষণ আৰু সাহিত্য-সংস্কৃতি বিকাশ মঞ্চ ই ২০২৩ বৰ্ষৰ "অসম গ্ৰাম্য শিৰোৰত্ন বঁটা" প্ৰদান কৰিবৰ বাবে অহা ৫ মে', দেওবাৰে দিনৰ ১০ বজাত নগাঁও জিলাৰ অন্তৰ্গত কচুৱা তিনিআলিস্থিত জ্ঞানজ্যোতি বিদ্যাপীঠত তৃতীয় মহলাত "অসম গ্ৰাম্য শিৰোৰত্ন বটাঁ" প্ৰদান আৰু সাহিত্য-সংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

এই অনুষ্ঠানতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে কাৰ্বি আংলং জিলাৰ অন্তৰ্গত অসমীয়া প্ৰতিদিন কাকতৰ হাওৰাঘাটৰ সাংবাদিক তথা গৰখীয়া পুখুৰী গাঁৱৰ বাসিন্দা, কবি লেখক তথা সাংবাদিক ধৰ্মেন্দ্ৰ খাখলাৰী, গৰখীয়া পুখুৰী গাৱঁৰে বাসিন্দা বিশিষ্ট কবি তথা সমাজ সেৱিকা ৰূপালী বসুমতাৰী, গোলাঘাট জিলাৰ বিশিষ্ট দ্বি-ভাষিক কবি, প্ৰবন্ধকাৰ আৰু সাহিত্যিক মহেশ্বৰ বসুমতাৰী আৰু গোলাঘাটৰে বাসিন্দা বিশিষ্ট কবি, সাহিত্যিক তথা সমাজ সেৱিকা স্পনানী গগৈ চেতিয়াসহ ৰাজ্যখনৰ মুঠ ২০ গৰাকী বিশিষ্ট কবি , লেখক, সাংবাদিক আৰু সাহিত্যিকক অসম গৰীয়সী পুথি সংৰক্ষণ আৰু সাহিত্য-সংস্কৃতি বিকাশ মঞ্চ ৰ ২০২৩ বৰ্ষৰ অসম গ্ৰাম্য শিৰোৰত্ন বটাঁ প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে বুলি মঞ্চৰ সভাপতি সভাৰাম বৰাই জানিবলৈ দিয়ে।