বোকাজানত ড্ৰাগছ সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলী... 
কাৰ্বি-আংলং

বোকাজানত ড্ৰাগছ সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলী...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰাজ্যত পুনৰ সংঘটিত হৈছে গুলীচালনাৰ ঘটনা। পুনৰ ড্ৰাগছ সৰবৰাহকাৰীলৈ লক্ষ্য কৰি অসম আৰক্ষীয়ে চলালে গুলী। এইবাৰ এই ঘটনা সংঘটিত হৈছে বোকাজানত।

আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে ড্ৰাগছ সৰবৰাহকাৰীয়ে আৰক্ষীৰ বন্দুক কাঢ়ি পলাবলৈ চেষ্টা কৰাৰ বাবেই গুলী চালনা কৰিবলৈ বাধ্য হয়। ফলত আৰক্ষীৰ গুলীয়ে ড্ৰাগছ সৰবৰাহকাৰীৰ ভৰিত আঘাত কৰে। উল্লেখ্য যে, খটখটী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ছাহিদ হুছেইন নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰীক।

ছাহিদৰ লাহৰিজানৰ ঘৰত আৰক্ষীয়ে অভিযান চলাই এটা কফিনৰ ভিতৰত লুকুৱাই থোৱাৰ অৱস্থাৰ পৰা জব্দ কৰিছিল ১ কেজি ১০০ গ্ৰাম হেৰ'ইন। মুঠ ৯৪ টা চাবোনৰ বাকচত ভৰাই থৈছিল এই হেৰ'ইনখিনি।

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি ছাহিদ ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত থকাৰ বিষয়ে জানিব পাৰিছিল আৰক্ষীয়ে। ছাহিদৰ লগতে আৰক্ষীয়ে আছাদুল ৰহমান নামৰ আন এজন যুৱককো আটক কৰিছে।

ড্ৰাগছ সৰবৰাহৰ সন্দৰ্ভত ছাহিদৰ বিৰুদ্ধে খটখটী আৰক্ষী থানাত ৰুজ হৈ আছিল এক গোচৰ। পূৰ্বেও ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত থকাৰ অৱস্থাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ছাহিদক।

স্মৰ্তব্য, ড্ৰাগছ সৰবৰাহ চলাই থকা ছাহিদে সকলোকে দেখুৱাই এটা বৰফৰ কাৰখানা চলাই আছিল। ছাহিদৰ বিৰুদ্ধে খটখটী আৰক্ষী থানাত ৰুজু হৈ থকা গোচৰটোৰ নম্বৰ আছিল 100/2021। ছাহিদক ভাৰতীয় দণ্ডবিধিৰ U/S- 21(c)/24/29 ধাৰাত আটক কৰিছিল। বৰ্তমান ছাহিদ হুছেইনক ডিফুত জেৰাই চলাই আছে আৰক্ষীয়ে।