বোকাজানৰ লাহৰীজান ছয়মাইলত অচিনাক্ত মৃতদেহ উদ্ধাৰ... 
কাৰ্বি-আংলং

বোকাজানৰ লাহৰীজান ছয়মাইলত অচিনাক্ত মৃতদেহ উদ্ধাৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ বোকাজান: আজি বোকাজান মহকুমাৰ ডিলাই থানাৰ অন্তৰ্গত লাহৰীজানৰ ছয়মাইলত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত আৰক্ষীয়ে এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ কৰে ৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে মৃতদিহটোত কোনো আঘাতৰ চিন নাই ৷

স্থানীয় দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে। মৃতদেহটো এতিয়ালৈকে চিনাক্ত নোহোৱাত চিকিৎসা মহাবিদ্যালয়ৰ মৰ্গত ৭২ ঘণ্টালৈকে ৰাখিব বুলি জানিব পৰা গৈছে৷