কাৰ্বি-আংলং

হাওৰাঘাটত জিলা ভিত্তিক বিভিন্ন প্ৰতিযোগিতা সম্পন্ন

Asomiya Pratidin

ডিজিটেল সংবাদ,হাওৰাঘাট : অসম চৰকাৰৰ বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ অধীনস্থ অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা পৰিবেশ পৰিষদৰ সহযোগত আৰু আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ, কাৰ্বি আংলং জিলা উদ্যোক্তা সমিতিৰ উদ্যোগত মঙলবাৰে বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। স্থানীয় হাওৰাঘাট ইংৰাজী মাধ্যম উচ্চ মাধ্যমিক বিদ্যালয়ত জিলা ভিত্তিক প্ৰতিযোগিতাত বিজ্ঞানৰ আৰ্হি নিৰ্মাণ, আকস্মিক বক্তৃতা , চিত্ৰাঙ্কণ আৰু ধাৰণা প্ৰতিযোগিতা অনুষ্ঠিত হয় ।

স্মৰ্তব্য যে জিলাখনৰ ৭টা ব্লকৰ পৰা প্ৰায় ১১০ গৰাকী প্ৰতিযোগীয়ে বিভিন্ন প্ৰতিযোগিতাত সক্ৰিয় অংশগ্ৰহণ কৰে । পুৱা প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে হাওৰাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দেবেন্দ্ৰ শৰ্মাই ।

উক্ত উদ্বোধনী সভাত ভালেকেইগৰাকী লোক বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। তেঁওলোক হৈছে ক্ৰমে হাওৰাঘাট নগৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মৃণাল মহন্ত, হাওৰাঘাট ইংৰাজী মাধ্যম উচ্চ মাধমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মুক্তালাল দাস ,শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৰূপা দেৱী , খণ্ড সমন্বয়ক কনকেশ্বৰ বুঢ়াগোঁহাই, হেমন্ত ফুকন, ৰাজীৱ বৰুৱা,ৰয়েলচন ফাংচু আদি ।

বিচাৰক হিচাপে উপস্থিত থাকে ক্ৰমে কৃষ্ণ ৰাজবংশী , অশ্বিনী নাৰ্জাৰী, পুলিন শৰ্মা ,ডিম্বেশ্বৰ কলিতা, পংকজ শইকীয়া ,সুনিতা চাৰংছা আৰু ব্ৰজেন তিমুং । উদ্বোধনী ভাষণত অধ্যক্ষ শৰ্মাদেৱে বিজ্ঞানৰ জনপ্ৰিয় কৰণত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ ভূমিকাক ভূয়সী প্ৰসংশা কৰে ।

প্ৰতিযোগিতাৰ অন্তত ফলাফল ঘোষণা আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত হয়। সভাত সভাপতিত্ব কৰে জিলা সমন্বয়ক ভৱানন্দ খাখলাৰীয়ে ।

অনুষ্ঠানত আঁত ধৰে হাওৰাঘাট খণ্ডৰ সমন্বয়ক প্ৰবীন নাথে । বিজয়ী প্ৰতিযোগীসকলক একোখনকৈ মানপত্ৰ আৰু নগদ ধন আগবঢ়োৱা হয় । উল্লেখযোগ্য যে প্ৰতিযোগিতাত প্ৰথম আৰু দ্বিতীয় স্থান অধিকাৰ কৰা ১০ গৰাকী বিজয়ী প্ৰতিযোগীক ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত কৰা হয় ।