বোকাজানত ভয়াবহ অগ্নিকাণ্ডঃ লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত... 
কাৰ্বি-আংলং

বোকাজানত ভয়াবহ অগ্নিকাণ্ডঃ লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত...

Asomiya Pratidin

ডিজিটেল সংবাদ বোকাজানঃ আজি বোকাজান নগৰৰ শুকানজানৰ ৬ নং ৱাৰ্ডত সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত এটা ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে কেইবা লক্ষাধিক টকাৰ সম্পত্তি বিনষ্ট হয় ৷

জানিব পৰা মতে ৰান্তা দেৱী নামৰ এগৰাকী মহিলাৰ বাসগৃহত জুইৰ সূত্ৰপাত হয় আৰু অতি কম সময়ৰ ভিতৰতে সম্পূৰ্ণ বাসগৃহটো জুইয়ে আগুৰি ধৰে ৷ বিশেষকৈ অগ্নিকাণ্ডৰ সময়তে হোৱা এটা চিলিণ্ডাৰ বিস্ফোৰণ ঘটাত জুইয়ে ভয়াবহ ৰূপ লয় ৷

স্থানীয় লোকে ঘৰৰ আচবাব কিছু বাহিৰলৈ উলিয়াবলৈ সক্ষম হয় যদিও অধিক সংখ্যক সা-সম্পত্তি জুইত ভস্মীভূত হয় ৷ পিছত বোকাজানৰ দূৰ্যোগ প্ৰশমন বিভাগৰ দুখনকৈ গাড়ীৰে জুই নুমুৱাবলৈ সক্ষম হয় ৷ অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা নাই যদিও ৰন্ধন গেছ চিলিণ্ডাৰৰ বাবেই অগ্নিকাণ্ড সংঘটিত হ'ল বুলি সন্দেহ কৰা হৈছে ৷