বাহনত প্ৰেছ লিখি প্ৰাক্তন উগ্ৰপন্থীৰ সেনাধ্যক্ষ নামিল নিচাযুক্ত দ্ৰব্য সৰবৰাহত 
কাৰ্বি-আংলং

বাহনত প্ৰেছ লিখি প্ৰাক্তন উগ্ৰপন্থীৰ সেনাধ্যক্ষ নামিল নিচাযুক্ত দ্ৰব্য সৰবৰাহত

Asomiya Pratidin

ডিজিটেল সংবাদ বোকাজান: আজি খটখটী থানাৰ অন্তৰ্গত অসম নগালেণ্ড সীমান্তৰ বালিজান ৰানা বস্তিত আৰক্ষীৰ জালত পৰে মহিলাসহ তিনি ড্ৰাগছ সৰবৰাহকাৰী ৷ আৰক্ষীয়ে অভিযানত জব্দ কৰে এটা পেকেটত ভৰাই অনা নিষিদ্ধ হেৰইন ৷

ধৃত সৰবৰাহকাৰী কেইটা হ'ল চাহিল মুণ্ডা, ৰোহিত ৰয় আৰু চামচুল নেহাৰ ৷ ধৃত চাহিল মুণ্ডা আদিবসী উগ্ৰপন্থী সংগঠন আপলাৰ প্ৰাক্তন মুখ্য সেনাধ্যক্ষ আছিল আৰু ২০২৩ চনৰ ২ জুলাইত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছিল ৷

উল্লেখ্য যে আত্মসমৰ্পণৰ পাছত মুণ্ডাই নিজাকৈ আই.বি.এন ২৪ নামৰ এটা নিউজ প'ৰ্টেল খুলি নিজৰ গাড়ীত প্ৰেছ লিখি আৰক্ষীৰ চকুত ধুলি দি দীৰ্ঘদিনে চলাই আহিছিল ড্ৰাগছ সৰবৰাহৰ লগতে অন্যান্য অসামাজিক কৰ্ম ৷

আৰক্ষীয়ে ধৃত লোক কেইজনৰ পৰা পাঁচটা মোবাইল ফোন, সংবাদ মাধ্যমৰ এটা ল'গ' আৰু এ.এছ.৩১-৪২৯১ নম্বৰৰ এছপ্ৰেছো গাড়ী জব্দ কৰে ৷