লাংহিনৰ বগাদলত শ্ৰী শ্ৰী গণেশ পূজা আৰু উৎসৱৰ আয়োজন.. 
কাৰ্বি-আংলং

লাংহিনৰ বগাদলত শ্ৰী শ্ৰী গণেশ পূজা আৰু উৎসৱৰ আয়োজন..

Asomiya Pratidin

ডিজিটেল সংবাদ হাওৰাঘাটঃ কাৰ্বি আংলং জিলাৰ লাংহিন সমষ্টিৰ অন্তৰ্গত বগাদলত অৱস্থিত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী গণেশ মন্দিৰত চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে শ্ৰী শ্ৰী গণেশ পূজা উৎসৱ। অহা ১৩ ফেব্ৰুৱাৰীৰ পৰা ১৬ ফেব্ৰুৱাৰীৰলৈকে চাৰিদিনীয়া কাৰ্যসূচীৰে লাংহিনৰ বগাদলত অৱস্থিত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী গণেশ মন্দিৰত পালন কৰা হ'ব শ্ৰী শ্ৰী গণেশ পূজা উৎসৱ।

ইতিমধ্যে গণেশ মন্দিৰৰ প্ৰাংগণত উৎসৱ আয়োজনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে ।ইপিনে শ্ৰী শ্ৰী গণেশ পূজা উৎসৱৰ লগত সংগতি ৰাখি সমূহ ভক্তপ্ৰাণ ৰাইজৰ বাবে মণিপুৰৰ পৰা এটা জনপ্ৰিয় আনন্দ মেলাৰ দলকো অনা হৈছে ।

আনহাতে উৎসৱৰ চাৰিদিনীয়া কাৰ্যসূচীত বিভিন্ন ধৰণৰ খেল-ধেমালি, নাচ-গান আদি অনুষ্ঠানৰো আয়োজন কৰা হৈছে। ইয়াৰোপৰি কোকৰাঝাৰকে ধৰি কেইবাখনো জিলাৰ ব্যৱসায়ী প্ৰতিষ্ঠানে বগাদলত আয়োজন কৰা শ্ৰী শ্ৰী গণেশ পূজা উৎসৱত অংশগ্ৰহণ কৰিব বুলি পৰিচালনা সমিতিয়ে জানিব দিয়ে।

উক্ত ধৰ্মীয় অনুষ্ঠান শ্ৰী শ্ৰী গণেশ পূজা উৎসৱৰ চাৰিদিনীয়া কাৰ্যসূচী সাফল্যমণ্ডিত কৰিবৰ বাবে সমূহ সনাতন ধৰ্মৰ ভক্তপ্ৰাণ ৰাইজৰ সহায়-সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে শ্ৰী শ্ৰী গণেশ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি অম্ব্ৰীত বসুমতাৰীয়ে।