কাৰ্বি-আংলং

লম্পত শিক্ষক গৌতম নাথক ফাঁচিৰ দাবী কাৰ্বি আংলং জিলা বাঙালী সমাজৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,হাওৰাঘাট : কাৰ্বি আংলং জিলাৰ হাওৰাঘাট থানাৰ অন্তৰ্গত ৰংকুটত কিছুদিন পূৰ্বে এজন শিক্ষকে ৯ বছৰীয়া কন্যা শিশুক ধৰ্ষণ কৰা ঘটনা পোহৰলৈ আহিছিল। উক্ত ঘটনা সন্দৰ্ভত দেওবাৰে ৰংকুটত কাৰ্বি আংলং জিলা বাঙালী সমাজৰ এটা সজাতি প্ৰতিনিধি দল উপস্থিত হয়। ভুক্তভোগীৰ গৃহত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লয় দলটোৱে। ইয়াৰ পিছতে সজাটি দলটোৱে উত্তৰ বৰবিলত বিয়লি এখন সংবাদ মেল সম্বোধন কৰি এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ।

সংবাদ মেলত কাৰ্বি আংলং জিলা বাঙালী সমাজৰ সম্পাদক অজিত দাসে ৯ বছৰীয়া শিশু ধৰ্ষণকাৰী টেট শিক্ষক গৌতম নাথক ফাঁচি প্ৰদানৰ বাবে আৰক্ষী সঞ্চালক প্ৰধানক অনুৰোধ জনায় । আনহাতে শিক্ষকজনক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ বাবে ফাৰ্চট্ৰেক আদালতত বিচাৰ কৰি ফাঁচি কাঠত ওলমাবলৈ দাবী কৰে দলটোৰ মুখপাত্ৰ মহেন্দ্ৰ শীলে।

সংবাদ মেলত উপস্থিত থাকে কাৰ্বি আংলং জিলা বাঙালী সমাজৰ সভাপতি চিতু কান্ত নাথ, সম্পাদক অজিত দাস, উপ সভাপতিদ্বয় নিতিশ দেৱ আৰু বাবুল নাথ, মুখপাত্ৰ মহেন্দ্ৰ শীল, চন্দন দাস, চম্ভু মালাকাৰ, স্বপন দাস, মুকুল নাথ।