কাৰ্বি-আংলং

হাওৰাঘাটৰ উত্তৰ বৰবিল সমবায় সমিতিৰ সম্পাদকৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ

Asomiya Pratidin

ডিজিটেল সংবাদ, কাৰ্বি আংলংঃ কাৰ্বি আংলং জিলাৰ হাওৰাঘাট অঞ্চলৰ উত্তৰ বৰবিল ১নং ব্লক সমবায় সমিতিৰ সম্পাদক তপন চন্দ্ৰ দাসৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ আনিছে সমবায় সমিতিখনৰ অধীনত থকা উত্তৰ বৰবিল নিবাসী নকুল চন্দ্ৰ দাস আৰু তেওঁৰ পত্নী দুল্লতা ৰাণী দাসে।

সংবাদ মাধ্যমৰ যোগদি সমবায় সমিতিখনৰ সম্পাদকৰ বিৰুদ্ধে অভিযোগ কৰি কয় যে- বিগত বহু বছৰৰ পৰা ৰেচন কাৰ্ড আৰু চাউল পোৱাৰ পৰা বঞ্চিত হৈ আহিছে পৰিয়ালটো। সমবায় সমিতিৰ সম্পাদকৰ ওচৰত গৈ ৰেচন কাৰ্ড আৰু চাউল বিচাৰিলে তেওঁলোকৰ নামত কাৰ্ড আৰু চাউল অহাৰ কথা অস্বীকাৰ কৰে বুলি জানিবলৈ দিয়ে। উপায়হীন হৈ নকুল চন্দ্ৰ দাসে কম্পিউটাৰ দোকানত গৈ জানিব পাৰে যে- তেওঁৰ পত্নী দুল্লতা ৰাণী দাসৰ নামত ৰেচন কাৰ্ড ইচ্ছু হৈ আছে আৰু সেই মৰ্মে চাউলো সমবায় সমিতিত আহিছে।

উল্লেখ্য উক্ত ৰেচন কাৰ্ডখনৰ নম্বৰ হৈছে -১৮১০০৪২০৫০৪২ আৰু এফ পি এছ আই ডি (FPS ID)নং হৈছে- ১৩১৪০০২০০২৮৪। এই সন্দৰ্ভত উত্তৰ বৰবিল ১নং ব্লক সমবায় সমিতিখনৰ সম্পাদক তপন চন্দ্ৰ দাসক অতি শীঘ্ৰে দুল্লতা ৰাণী দাসৰ নামত ৰেচন কাৰ্ড আৰু চাউল প্ৰদান কৰিবৰ বাবে তেওঁৰ স্বামী নকুল চন্দ্ৰ দাস আৰু একাংশ সচেতন ব্যক্তি ক্ৰমে নিমাই মজুমদাৰ, বলৰাম দাস আৰু গকুল দাসে আহ্বান জনাইছে। অন্যথা আইনৰ আশ্ৰয় ল'বলৈ বাধ্য হ'ব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ।