কাৰ্বি-আংলং

কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক স্মাৰক পত্ৰ প্ৰদান হাওৰাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, হাওৰাঘাট : কাৰ্বি আংলং জিলাৰ হাওৰাঘাটৰ পথ আৰু পদপথসমূহ পুনৰ্নিমাণ অথবা মেৰামতি কৰাৰ দাবীত মঙলবাৰে হাওৰাঘাট আঞ্চলিক ছাত্ৰ সন্থাই স্মাৰক পত্ৰ প্ৰদান কৰে। কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য ড° তুলিৰাম ৰংহাঙক আজি ডিফুত সাক্ষাৎ কৰি ছাত্ৰ সন্থাৰ কাৰ্বি আংলং জিলা সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক সুভাষ বৰাৰ নেতৃত্বত হাওৰাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ এটি সজাতি দলে এখনি স্মাৰক পত্ৰ প্ৰদান কৰে ।

স্মাৰক পত্ৰখনি মুখ্য কাৰ্য্যবাহী সদস্যগৰাকীয়ে গ্ৰহণ কৰাৰ লগতে হাওৰাঘাটৰ জন প্ৰতিনিধিগৰাকীক আৰু বিভাগীয় কৰ্তৃপক্ষক অতি কম সময়ৰ ভিতৰতেই হাওৰাঘাট নগৰৰ জ্বলন্ত সমস্যা সমূ্হ সমাধান কৰিবলৈ নিৰ্দেশ দিয়ে । আনহাতে সমস্যাসমূহ সমাধান নহ'লে আছু অৰ্থাৎ হাওৰাঘাট ছাত্ৰ সন্থাই এক গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচীও হাতত ল'ব বুলি নেতৃত্বই জানিবলৈ দিয়ে ।