হাওৰাঘাট উত্তৰ বড়বিলৰ বোৱাৰী সন্ধানহীন... 
কাৰ্বি-আংলং

হাওৰাঘাট উত্তৰ বড়বিলৰ বোৱাৰী সন্ধানহীন...

সন্ধান পালে পৰিয়ালক অৱগত কৰিবলৈ আহ্বান

Asomiya Pratidin

ডিজিটেল সংবাদ হাওৰাঘাটঃ কাৰ্বি আংলং জিলাৰ হাওৰাঘাট অঞ্চলৰ উত্তৰ বড়বিলৰ ২ নং ৰেং ৰেং ঝাৰণিৰ গাঁৱৰ ২২ বছৰীয়া বীণা দাস নামৰ এগৰাকী বোৱাৰী নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যই বিৰাজ কৰিছে। যোৱা চাৰি দিন ধৰি সন্ধানহীন হৈ আছে বীণা দাস নামৰ বোৱাৰীগৰাকী।

জানিব পৰা মতে যোৱা ২২ অক্টোবৰ তাৰিখে বীণা দাসে লংকাৰ কাকীত থকা নিজৰ মাকৰ ঘৰলৈ বুলি উত্তৰ বড়বিলৰ পৰা কাকীলৈ ৰাওনা হৈছিল যদিও যোৱাৰ পথতে বোৱাৰীগৰাকী সন্ধানহীন হৈ পৰে।

উক্ত ঘটনাই সমগ্ৰ উত্তৰ বড়বিলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত পৰিয়ালৰ লোকে উত্তৰ বড়বিল উপ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈকে কোনো ধৰণৰ সম্ভেদ পোৱা নাই বোৱাৰীগৰাকীৰ ।

ইপিনে কোনো লোকে যদি বীণা দাস নামৰ বোৱাৰী গৰাকীক ক'ৰবাত প্ৰত্যক্ষ কৰে তেনে হ'লে নিকতৱৰ্তী আৰক্ষী চকীত নাইবা 8761820872 মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ সংবাদ মাধ্যম যোগে পৰিয়ালৰ লোকে অনুৰোধ জনাইছে ।