কাৰ্বি-আংলং

বিভিন্ন দাবীৰে কাৰ্বি আংলং জিলা আদিবাসী ছাত্ৰ সন্থাৰ ধৰ্ণা

Asomiya Pratidin

ডিজিটেল সংবাদ,কাৰ্বি আংলং : শুকুৰবাৰে কাৰ্বি আংলং জিলা আদিবাসী ছাত্ৰ সন্থাই বোকাজান মহকুমাধিপতিৰ কাৰ্যালয়ৰ সমুখত বিক্ষোভ প্ৰদৰ্শনেৰে ধৰ্ণা কাৰ্য্যসূচী গঢ়ি তোলে। প্ৰতিবাদকাৰী নেতৃত্বই সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে যে, চাহ জনগোষ্ঠীসকলক আজিপৰ্যন্ত প্ৰতিশ্ৰুতি দিও চৰকাৰে জনজাতিকৰণ নকৰিলে ৷

সেয়েহে ২০২২ চনৰ ১৫ছেপ্তেম্বৰত অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু আদিবাসী বিদ্ৰোহী সংগঠনৰ মাজত হোৱা শান্তিচুক্তিৰ ১ নং দফা অনুসৰি অসমৰ আদিবাসীসকলক শীঘ্ৰেই জনজাতি ঘোষণাৰ দাবী তোল ৷ আনহাতে ২০২২ চনৰ ২৯ মাৰ্চত ৰাজ্যপালে জাৰি কৰা গেজেটযোগে আদিবাসীসকলক নিজৰ জনগোষ্ঠী অনুসৰি আদিবাসীসকলক জাতিগত প্ৰমাণপত্ৰ দিবলৈ নিৰ্দেশ দিয়ে ৷

কিন্তু কাৰ্বি আংলং প্ৰশাসনে কাৰ্বি আংলংৰ আদিবাসীসকলক চাহ বাগিছা শ্ৰমিক(TGL)হিচাপেহে জাতিগত প্ৰমাণপত্ৰ প্ৰদান কৰিছে ৷ সেয়েহে প্ৰতিবাদকাৰীসকলে সেয়া ৰাজনৈতিক আৰু প্ৰশাসনিক ষড়যন্ত্ৰ বুলি উল্লেখ কৰি কাৰ্বি আংলংৰ আদিবাসী সকলকো আদিবাসী জনগোষ্ঠীৰ জাতিগত প্ৰমাণপত্ৰ প্ৰদান কৰাৰ দাবী তোলে ৷ প্ৰতিবাদকাৰী নেতৃত্বই মহকুমাধিপতিৰ জৰিয়তে স্মাৰকপত্ৰ প্ৰদান কৰি শীঘ্ৰেই উল্লেখিত দাবীসমূহ চৰকাৰি পূৰণ কৰাৰ দাবী তোলে ৷