ফুলনি বজাৰগৃহত এজন ব্যক্তিৰ আত্মহত্যা... 
কাৰ্বি-আংলং

ফুলনি বজাৰগৃহত এজন ব্যক্তিৰ আত্মহত্যা...

Asomiya Pratidin

ডিজিটেল সংবাদ হাওৰাঘাটঃ কাৰ্বি আংলং জিলাৰ উত্তৰ বড়বিল উপ-আৰক্ষী চকীৰ অন্তৰ্গত ফুলনি বজাৰৰ মাজমজিয়াত অৱস্থিত এটি বজাৰ গৃহত ফুলনিৰ নিৱাসী দিলীপ বসুমতাৰী (৬৫) নামৰ এজন ব্যক্তিয়ে আত্মহত্যা কৰি কৰুণ মৃত্যুক সাৱটি লয়। উক্ত ঘটনাই সমগ্ৰ ফুলনি অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰি তোলে।

উল্লেখ্য যে, দিলীপ বসুমতাৰী নামৰ ব্যক্তি জনে মৃত্যুৰ সময়ত নিজ পত্নী, পুত্ৰ আৰু জীয়ৰীৰ লগতে বহুত আত্মীয়ক এৰি থৈ যায়। ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে পৰিয়ালৰ লোকে উত্তৰ বড়বিল উপ-আৰক্ষী চকীত খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত কৰে।

আনহাতে মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু মেডিকেল কলেজলৈ প্ৰেৰণ কৰে।