কাৰ্বি-আংলং

বেলগুৰি গাঁৱত খেৰাই পূজা পালন

Asomiya Pratidin

ডিজিটেল সংবাদ,হাওৰাঘাট : কাৰ্বি আংলং জিলাৰ ২নং বেলগুৰি গাঁৱত খেৰাই পূজা পালন কৰা হয়। বেলগুৰি গাঁৱৰ উদ্যোগত প্ৰত্যেক বছৰৰ দৰে এইবাৰো দেওবাৰে বড়ো বসতি প্ৰধান গাঁৱৰ বাথৌ ধৰ্মাৱলম্বী লোক হিচাপে সমূহীয়াভাৱে খেৰাই পূজা পালন কৰে।

২নং বেলগুৰি বড়ো মাধ্যম প্ৰাথমিক বিদ্যালয়ৰ চৌহদত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা খেৰাই পূজা অনুষ্ঠানৰ কাৰ্যসূচী মতে বাথৌ ধৰ্মাৱলম্বী বড়ো সকলে পূৰ্বৰে পৰা শীজৌউ (Sijhou) গছৰ তলত ধূপ-ধূণা,চাকি-বন্তি জ্বলাই পূজা অৰ্চনা কৰে । সকলোৱে সমবেত হৈ আঠুকাঢ়ি খেৰাই আৰজ অৰ্থাৎ ভগৱানক আৰাধনা আৰু খেৰাই নৃত্য কৰা হয় ।

খেৰাই পূজাৰ কাৰ্যসূচী সামৰণিৰ পিছত সন্ধিয়া বিভিন্ন নৃত্য প্ৰতিযোগিতাৰে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয় । এই নৃত্য প্ৰতিযোগিতাৰ সাংস্কৃতিক অনুষ্ঠানৰ শুভাৰম্ভ কৰে কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ লাংফেৰ পৰিষদীয় সমষ্টিৰ কাৰ্যবাহী সদস্য মধুৰাম লেকথেই ।

উল্লেখ্য যে খেৰাই পূজাৰ দেউৰী হিচাপে পৰিচালনা কৰে বিস্তি স্বৰ্গীয়াৰীয়ে আৰু কেইবাগৰাকীও সহযোগীয়ে । আনহাতে গাঁৱৰ বিশিষ্ট ব্যক্তি হৰেণ বসুমতাৰী, মিলন বড়ো, গণেশ বড়ো, সতছিং বড়ো, স্নেহলতা বসুমতাৰী, উদাংশ্ৰী ব্ৰহ্ম স্বৰ্গীয়াৰীয়ে উপস্থিত থাকে ।