পথাৰ শুকান, অসহায় কৃষকঃ JCB ৰে নলা খান্দি পথাৰলৈ বোৱাই আনিলে নৈৰ পানী...  
কাৰ্বি-আংলং

পথাৰ শুকান, অসহায় কৃষকঃ JCB ৰে নলা খান্দি পথাৰলৈ বোৱাই আনিলে নৈৰ পানী...

Asomiya Pratidin

ডিজিটেল সংবাদ হাওৰাঘাটঃ কাৰ্বি আংলং জিলাৰ হাওৰাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত গৰখীয়া পুখুৰী গাঁৱৰ খেতিপথাৰৰ লগতে হাওৰাঘাট অঞ্চলৰ বিভিন্ন ঠাইত বিগত বৰ্ষত পানীৰ অভাৱত খেতিয়ক ৰাইজে খেতি কৰিব নোৱাৰাৰ বাবেই বৃহত্তৰ অঞ্চলটোৰ পথাৰসমূহ চন পৰি ৰৈছিল। অঞ্চলটোৰ খেতিপথাৰত জলসিঞ্চনৰ ব্যৱস্থা নথকাৰ বাবে বৰষুণৰ ওপৰতে নিৰ্ভৰশীল হোৱা কৃষকসকল প্ৰত্যেক বছৰে আকাশলৈ চাই বৰষুণৰ বাবে অপেক্ষা কৰিবলগীয়া হয়।

সেয়ে কৃষক ৰাইজে নিজাববীয়াকৈ চিন্তা চৰ্চাৰে কাৰ্ককৰ দীঘলপানী নদীৰ পানী খেতি পথাৰলৈ বোৱাই অনাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সেই অনুসৰিয়েই ৰাইজে নিজা ধন ব্যয় কৰি জে চি বিৰে প্ৰায় ডেৰ কিলোমিটাৰ দীঘল নলা খান্দি নৈৰ পানী বোৱাই অনাৰ ব্যৱস্থা কৰে খেতি পথাৰলৈ।

আনহাতে পুনৰ গৰখীয়া পুখুৰী গাঁৱৰ পৰা প্ৰায় ৬ ৰ পৰা ৭ কিলোমিটাৰ দূৰত থকা চেন্টাৰ বজাৰ তথা ৰেণছিং ৰংপী গাঁৱৰ পূব দিশত থকা চাপং পাহাৰস্থিত দীঘলপানী নদীৰ পানী বোৱাই আনিবলৈ পাহাৰৰ ভিতৰত থকা চাৰিখনকৈ শ্লুইচ গেইট খুলি দিয়া হয়। ফলত ইয়াৰ পানী খেতি পথাৰলৈ বৈ অহাত এতিয়া কৃষক ৰাইজৰ মুখলৈ হাঁহি বিৰঙি উঠিছে।

কিন্তু সমান্তৰালকৈ প্ৰশ্ন উত্থাপন হৈছে কাৰ্বি স্বায়ত্ব শাসিত পৰিষদ আৰু অসম চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ দায়িত্ববোধৰ ওপৰত। বিগত বছৰত খেতি কৰিবলৈ অসমৰ্থ হোৱা কৃষকসকলে এইবাৰ নিজা ধন খৰচ কৰি পানীৰ ব্যৱস্থা কৰিবলগীয়া হৈছে। আজিও কিয় তেওঁলোকৰ সুবিধা হোৱাকৈ জলসিঞ্চনৰ ব্যৱস্থা কৰা হোৱা নাই? এইসকল কৃষকৰ প্ৰতি নাই নেকি কৃষি বিভাগৰ দায়িত্ব?

কৃষক ৰাইজে নিজা প্ৰচেষ্টাৰে প্ৰাথমিকভাৱে খেতি কৰিব পৰাকৈ এইদৰে কিছু ব্যৱস্থা কৰিছে যদিও এয়াই তেওঁলোকৰ বাবে পৰ্যাপ্ত নহয়। ইয়াৰ বাবে চৰকাৰৰ কৰণীয় বহু আছে। সেয়ে স্থানীয় কৃষক ৰাইজে কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙক স্থায়ী আৰু সুপৰিকল্পিত জলসিঞ্চনৰ ব্যৱস্থা কৰিবলৈ দাবী উত্থাপন কৰিছে।