কাৰ্বি-আংলং

তৰাডুবিত তিৱা কৰ্মচাৰী পৰিষদৰ প্ৰতিষ্ঠা দিৱস উদযাপনৰ প্ৰস্তুতি সভা

Asomiya Pratidin

ডিজিটেল সংবাদ,হাওৰাঘাট : পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলং জিলাৰ ৰংখাং সমষ্টিৰ অন্তৰ্গত তৰাডুবিত তিৱা কৰ্মচাৰী পৰিষদৰ সভাপতি মুংছা প্ৰভাত দাৰফাঙৰ সভাপতিত্বত আগন্তুক তিৱা কৰ্মচাৰী পৰিষদৰ পঞ্চম সংখ্যক প্ৰতিষ্ঠা দিৱসটি উদযাপনৰ সন্দৰ্ভত এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। সভাই আগন্তুক তিৱা কৰ্মচাৰী পৰিষদৰ পঞ্চম সংখ্যক প্ৰতিষ্ঠা দিৱসটি অহা ২৮ ফেব্ৰুৱাৰীত দিনজোৰা কাৰ্যসূচীৰে তৰাডুবিত অনুষ্ঠিত কৰাৰ লগতে এখনি বলিষ্ঠ আদৰণি সমিতিও গঠন কৰে।

আদৰণি সমিতিৰ সভাপতি হিচাপে দায়িত্ব অৰ্পণ কৰে মতিলাল বৰদলৈক আৰু উপ সভাপতিৰ দায়িত্ব অৰ্পণ কৰে নৃপেন দাৰফাঙক; লগতে সম্পাদকৰ দায়িত্ব অৰ্পণ কৰে দিব্যজ্যোতি বৰদলৈক। সহকাৰী সম্পাদক হিচাপে দায়িত্ব অৰ্পণ কৰে ক্ৰমে পণ্ডিত পাটৰ,ভৰত বৰদলৈ আৰু তপন জ্যোতি ডেকাৰজাক।

সভাত উপস্থিত থাকে তৰাডুবিৰ বিশিষ্ট সমাজসেৱক মতিলাল বৰদলৈ,শিক্ষক নৃপেন দাৰফাং,বুদ্ধেশ্বৰ ছাগ্ৰা,পৰশুৰাম আমফি, ভদ্ৰ বৰদলৈ,ভূপেন পাটৰ, ৰত্নেশ্বৰ আমছি, মৃদুলা মছৰং, তিৱা কৰ্মচাৰী পৰিষদৰ সহকাৰী সম্পাদক ঋতু মছৰং আৰু কোষাধ্যক্ষ ৰিংকু পাটৰ।