কাৰ্বি-আংলং

বিশিষ্ট কবি ৰূপালী বসুমতাৰীৰ মাতৃ কেতেং বসুমতাৰীৰ বিয়োগ

Asomiya Pratidin

ডিজিটেল সংবাদ,হাওৰাঘাট : কাৰ্বি আংলং জিলাৰ হাওৰাঘাট অঞ্চলৰ বিশিষ্ট কবি ৰূপালী বসুমতাৰীৰ মাতৃৰ বিয়োগ। গোলাঘাট জিলাৰ চুঙাজানৰ ২নং মৰাজান গাওঁ নিবাসী কবি ৰূপালী বসুমতাৰীৰ মাতৃ কেতেং বসুমতাৰীৰ শুকুৰবাৰে বিয়লি ৪ বজাত নিজ বাসভৱনত মৃত্যু হয় । মৃত্যুৰ সময়ত তেঁওৰ বয়স হৈছিল ৯০ বছৰ।

কবিগৰাকীৰ মাতৃৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে অঞ্চলটোৰ বহু গণ্য মান্য লোক উপস্থিত থাকি শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে । মৃত্যুৰ সময়ত শিক্ষক ৰঞ্জিত বসুমতাৰীসহ ৫জন পুত্ৰ, ৫জনী জীয়ৰীৰ লগতে নাতি নাতিনী আৰু বহু আত্মীয় স্বজনক এৰি গুচি যায়।