কাৰ্বি-আংলং

ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা : থিতাতে নিহত ছাত্ৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,হাওৰাঘাট : কাৰ্বি আংলং জিলাৰ ফুলনিৰ বে-নুপাক গাঁৱৰ ওচৰৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। লংকা দিশৰ পৰা ডিমাপুৰ অভিমুখে গৈ থকা AS 27 C 7462 নম্বৰৰ এখন দহচকীয়া মালবাহী ট্ৰাকে একে দিশেৰে গৈ থকা এজন চাইকেল আৰোহীক পিছ দিশৰ পৰা খুন্দা মৰাৰ ফলত থিতাতে নিহত হয় ১৪ বছৰীয়া এজন ছাত্ৰ।

জানিব পৰা অনুসৰি নিহত ছাত্ৰজন লংকি হাঞ্চে গাঁৱৰ নৱম শ্ৰেণীত অধ্যয়নৰত আছিল। ইপিনে ঘটনাৰ খবৰ পাই উত্তৰ বড়বিল উপ আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত কৰাৰ লগতে নিহত ছাত্ৰজনৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু মেডিকেল কলেজলৈ প্ৰেৰণ কৰে।