শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাৰ্বি আংলং জিলা শাখাৰ ৫৮ সংখ্যক বাৰ্ষিক অধিৱেশনৰ ব্যাপক প্ৰস্ততি 
কাৰ্বি-আংলং

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাৰ্বি আংলং জিলা শাখাৰ ৫৮ সংখ্যক বাৰ্ষিক অধিৱেশনৰ ব্যাপক প্ৰস্ততি

Asomiya Pratidin

ডিজিটেল সংবাদ হাওৰাঘাটঃ কাৰ্বি আংলং জিলাৰ হাওৰাঘাটৰ বেলগুৰি জয়হৰি ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাৰ্বি আংলং জিলা শাখাৰ ৫৮ সংখ্যক বাৰ্ষিক অধিৱেশখনি অহা ৩১ জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰীত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰাৰ বাবে ব্যাপক প্ৰস্ততি চলোৱা হৈছে। কাৰ্যসূচী অনুসৰি প্ৰথম দিনা পুৱা পৰিবেশ নিকাকৰণ, নাম প্ৰসংগ, মূল তোৰণ উন্মোচন, সম্বৰ্ধনা, প্ৰতিনিধি শিবিৰৰ দ্বাৰ মুকলি আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব ।

দ্বিতীয় দিনাৰ কাৰ্যসূচী মতে পুৱা পৰিবেশ নিকাকৰণ, গছপুলি ৰোপণ, পতাকা উত্তোলন আৰু সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ব। দিনৰ ১১ বজাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাৰ্বি আংলং জিলা শাখাৰ সভাপতি কুমৰ কান্ত বৰাৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত কৰা হ'ব। সভাত মুখ্য অতিথি হিচাপে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড° তুলিৰাম ৰংহাং, হাওৰাঘাটৰ বিধায়ক দৰছিং ৰংহাং, উপাধ্যক্ষ অজিত কুমাৰ দে, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া আদি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকিব ।